গুৱাহাটী: অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি চতুৰ্থ দিনা সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ বিধায়কসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছৰ বিধায়কসকলে হাতে হাতে প্লে'কাৰ্ড লৈ উক্ত ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই বিধানসভা চৌহদত বিক্ষোভ প্ৰদৰ্শন কৰে । তেওঁলোকে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহাৰ দাবী উত্থাপন কৰে ।
এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো । কিবা অসুবিধা হ'ব পাৰে বুলি তথ্য থকাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । আগতেও সেই অঞ্চলত উত্তেজনা হৈছিল । ৰাইজৰ প্ৰতিনিধিৰ চলাচলত বাধা প্ৰদান কৰিব বিচৰা হৈছে । বিৰোধী দলৰ বিৰুদ্ধে চৰকাৰৰ এনে স্থিতিক আমি গৰিহণা দিছো । আমি এই ঘটনাৰ বাবে সদনত সভা স্থগিতৰ প্ৰস্তাৱ আনিম ।"
উল্লেখ্য যে, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে নগাঁৱৰ ৰূপহীত সাংসদ ৰকিবুল হুছেইনৰ লগতে তেওঁৰ পুত্ৰৰ ওপৰত মুখত কলা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই ভয়ংকৰ আক্ৰমণ কৰিছিল । অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে সংঘটিত হোৱা এই ঘটনাই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিৰোধী দলসমূহে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে ।
ইয়াৰোপৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, "ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক ৰাজপথত শাৰীৰিকভাৱে আক্ৰমণ কৰা হয় । দৌৰি দৌৰি তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিবলগীয়া হয় । এই ঘটনা হৈছে গণতন্ত্রক দুৰ্বল কৰাৰ বিজেপিৰ চক্ৰান্ত । বিজেপিৰ অপশাসনৰ বিৰুদ্ধে যাতে কংগ্ৰেছে জনমত গঠন কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে চক্ৰান্ত কৰিছে । কালি সদনত ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে দুখ প্ৰকাশ কৰা নাই। বৰং দায়সৰা মন্তব্য কৰিছে মুখ্যমন্ত্রীয়ে ।"
তেওঁ লগতে কয়, "এইটো গণতন্ত্রৰ বাবে দুৰ্ভাগজনক । ৰকিবুল হুছেইনে কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ জনোৱাৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে । ইয়াৰ আঁৰত চৰকাৰী ষড়যন্ত্র থাকিব পাৰে বুলি আমি অনুমান কৰিছোঁ । আমি গোটেই বিষয়টো আলোচনা কৰাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ আনিছো আৰু অধ্যক্ষই সভা স্থগিত কৰিছে ।"