নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : শুকুৰবাৰে মাত্ৰ দুঘণ্টাৰ বাবে ওড়িশাত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ওড়িশা ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৰাজ্যপাল ৰঘুবৰ দাসক সাক্ষাৎ কৰে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাজ্যপাল দাসক ৰাজভৱনত পৃথকে সাক্ষাৎ কৰাৰ উপৰিও তেওঁৰ সৈতে সৌজন্যমূলক সাক্ষাতো কৰে ৷
ওড়িশা ভ্ৰমণ সন্দৰ্ভত ড৹ শৰ্মাই কয়, ‘‘মই আজি দুঘণ্টাৰ বাবে ওড়িশালৈ আহিছো ৷ ওড়িশাৰ ৰাজ্যপাল মহোদয়ক লগ কৰিবলৈ আহিছো ৷ কিছু ব্যক্তিগত বাৰ্তালাপ আছে ৷ ব্যক্তিগত কামতেই আজি মই ওড়িশালৈ আহিছো ৷’’
ওড়িশাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat) ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সমিতিৰ প্ৰভাৰী ড৹ শৰ্মাই কয়, ‘‘ঝাৰখণ্ডৰ নিৰ্বাচনৰ কামতো মই লাগি আছো ৷ কিন্তু ৰঘুবৰ দাসক লগ কৰা আৰু ঝাৰখণ্ড নিৰ্বাচনৰ মাজত একো সম্বন্ধ নাই ৷ ৰাজ্যপাল ডাঙৰীয়াক মই ব্যক্তিগত কামতে লগ কৰিবলৈ আহিছো ৷’’
উল্লেখ্য যে সম্পূৰ্ণ ব্যক্তিগত কামত ওড়িশা ভ্ৰমণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সকলো ৰাজনৈতিক প্ৰশ্নৰ উত্তৰৰ পৰা আঁতৰি থাকে ৷ পৰৱৰ্তী সময়ত ওড়িশা ভ্ৰমণতহে আন বিষয়ত মন্তব্য কৰিব বুলি ড৹ শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ৷
ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ড নিৰ্বাচনৰ পূৰ্বে ৰঘুবৰ দাসৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনাত বহা বিষয়টো চৰ্চিত হৈ পৰিছে ৷ কিয়নো ওড়িশাৰ ৰাজ্যপাল তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা চলিছে ৷ তদুপৰি তেওঁ ২৫ ছেপ্টেম্বৰৰ পূৰ্বে জামছেদপুৰত চাৰিদিন কটাইছিল ৷
উল্লেখ্য যে ওড়িশাত ২ ঘণ্টাজোৰা আলোচনাত বহা ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন মাঝিকো সাক্ষাৎ কৰে ৷ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত এক দীঘলীয়া আলোচনা হয় ৷ উল্লেখ্য যে ৰাজ্যখনত বিজেপি দল শাসনলৈ অহাৰ পিছত এয়া হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম ওড়িশা ভ্ৰমণ ৷ 2024ৰ ওড়িশা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত মুখ্য ভূমিকা পালন কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ দ্বাৰস্থ ঝাৰখণ্ড চৰকাৰ
কংগ্ৰেছে দেশখনক অস্থিৰ কৰি তোলাৰ প্ৰচেষ্টা চলাইছে; আকৌ ৰাহুললৈ হিমন্ত বিশ্বৰ এপাত শৰ
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই