নেশ্যনেল ডেস্ক, ২ ফেব্ৰুৱাৰী :চণ্ডিগড়ৰ মেয়ৰ নিৰ্বাচনৰ ফলাফলক লৈ বিতৰ্ক অব্যাহত আছে । মেয়ৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ জয়ৰ পিচতে আম আদমি পাৰ্টী আৰু কংগ্ৰেছ মিত্ৰজোঁটে প্ৰতিবাদ অব্যাহত ৰাখিছে । মিত্ৰজোঁটে ইতিমধ্যে বিষয়টোক লৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰো আজি শুনানি হ'ব ।
সম্প্ৰতি আম আদমি পাৰ্টীৰ নেতাসকলে দিল্লীলৈ যাত্ৰা কৰিছে । এনে পৰিস্থিতিত দিল্লী সিঙঘু সীমান্তত আম আদমি পাৰ্টীৰ বহু সংখ্যক কৰ্মী উপস্থিত হৈছে । ইফালে দিল্লী বিজেপিৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে হাৰিয়ানা আম আদমি পাৰ্টীৰ সভাপতি সুশীল গুপ্তাক মঙলবাৰে আৰক্ষীয়ে আটক কৰিছে ।
দিল্লী আৰক্ষীৰ সূত্ৰৰ মতে আৰক্ষীয়ে এতিয়ালৈকে সিঙ্ঘু সীমান্তৰ পৰা আম আদমি পাৰ্টীৰ ২৫ জন কৰ্মীক আটক কৰিছে । তেওঁলোকৰ আটাইকেইজন পাঞ্জাব আৰু হাৰিয়ানাৰ আম আদমি পাৰ্টিৰ কৰ্মী । আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁলোকে শুকুৰবাৰে দলৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ কথা আছিল ।
ইয়াৰ উপৰিও আন কিছুমান কৰ্মকো বাধা দিয়া হৈছে । আৰক্ষীয়ে কৈছে যে যি সকলক সীমান্তত আটক কৰা হৈছে তেওঁলোকক প্ৰমাণীকৰণৰ পিচত যাবলৈ অনুমতি দিয়া হ'ব । সীমান্তত বাহনসমূহৰ ওপৰতো চোকা দৃষ্টি ৰখা হৈছে ।