নগাঁও, 22 এপ্ৰিল:নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী ঐক্যমঞ্চ সমৰ্থিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অজাপৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে । নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ধিং বিধানসভা সমষ্টিৰ ডুমডুমীয়াত অনুষ্ঠিত কংগ্ৰেছৰ এক বিশাল সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ লগতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভূপেন বৰা, লুৰীণজ্যোতি গগৈৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ।
এই সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত বিজেপি আৰু এ আই ইউ ডি এফক কটাক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়," কংগ্ৰেছ চৰকাৰৰ দিনত ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ শ্লোগান আছিল । বিজেপি চৰকাৰৰ শ্লোগান হৈছে ৰাইজৰ পদূলিত মদৰ দোকান ।” সভাখনত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয়,“বিজেপি চৰকাৰে এইবাৰ সংবিধান সলনি কৰিব বিচাৰিছে ।” এ আই ইউ ডি এফকো কটাক্ষ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়, “নগাঁৱত এ আই ইউ ডি এফে ভোট বিভাজন কৰি বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক জয়ী কৰাব বিচাৰিছে ।”