অসম

assam

ETV Bharat / politics

বিজেপিৰ এই 'গাঁও চলো অভিযান’ কি ?

BJP Gaon Chalo campaign: ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ৷ গাঁৱে গাঁৱে এতিয়া সাধাৰণ মানুহৰ ঘৰত ৰাতি কটাইছে বিজেপি নেতাই ৷

BJP Gaon Chalo campaign
গাঁও চলো অভিযান

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 7:34 PM IST

Updated : Feb 14, 2024, 8:10 PM IST

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অতি আকৰ্ষণীয় ৰূপ লৈছে অসমৰ ৰাজনৈতিক পৰিৱেশ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ গাঁৱে গাঁৱে এতিয়া সাধাৰণ মানুহৰ ঘৰত ৰাতি কটাইছে বিজেপি নেতাই ।

আনফালে অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত হানি কংগ্ৰেছ দলত থাকিয়েই দলটোৰ বিধায়কেই বিজেপিলৈ সমৰ্থন জনাই খান্দিছে সিন্ধি ৷ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে বিজেপিৰ ৷ দলত যোগদান কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি 'গাঁও চলো অভিযান'লৈ ক’তোৱেই সুৰুঙা ৰখা নাই বিজেপিয়ে অসমত ।

এই প্ৰচাৰ কাৰ্যসূচীৰ অংশৰূপে চহৰাঞ্চলৰ সমান্তৰালভাৱে গ্ৰামাঞ্চলৰ ভোটাৰসকলৰ কাষ চাপিবলৈ এটা কাৰ্যসূচী নিৰ্ধাৰণ কৰিছিল । গাঁৱৰ মহিলা, যুৱতী, কৃষক আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ কাষ চাপিবলৈ বিজেপিয়ে ধাৰ্য কৰিছিল এটা সপ্তাহ ‘গাঁও চলো অভিযান’ ৷

এই অভিযানৰ বাবে ৰাজ্যৰ ২৮ হাজাৰ বুথ সক্ৰিয় কৰোৱাইছে বিজেপিয়ে ৷ যোৱা ৪ ৰ পৰা ১১ ফেব্ৰুৱাৰীলৈকে চলাৰ কথা আছিল বিজেপিৰ এই অভিযান । বিজেপিৰ এই গাঁও সম্পৰ্ক অভিযানত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো মন্ত্ৰীকেই নিৰ্দিষ্ট একোখন গাঁৱলৈ যোৱাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছিল । এতিয়া গাঁৱত গৈ নিশা কটাইছে সাংসদ, বিধায়ক, দলীয় বিষয়ববীয়া সকলেও ৷

১১ ফেব্ৰুৱাৰীতে এই অভিযান সামৰাৰ কথা আছিল যদিও আজিও বিজেপিয়ে অব্যাহত ৰাখিছে 'গাঁও চলো অভিযান’ ৷ 'গাঁও চলো অভিযান’ৰ অংশৰূপে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিশা কটাবলৈ উপস্থিত হৈছেগৈ গোলাঘাট জিলাৰ সৰুপথাৰৰ শ্যাম গাঁৱত । নিশাটো তাতেই কটাব হিমন্ত বিশ্ব শৰ্মাই ৷ গাঁৱৰ প্ৰায় ৩০০০ লোকৰ সৈতে আজি মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

গাঁওখনৰ ১০ জন লোকৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে, বিজেপিৰ গাঁও চলো অভিযানৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ টিংখাং বিধানসভা সমষ্টিৰ চাহজনগোষ্ঠীৰ এঘৰত নিশা কটায় ।

সোণোৱালে টিংখাং সমষ্টিৰ ১২০ নং দিৰৈ চাহ বাগিচা বুথ ভ্ৰমণ কৰে আৰু গাঁওবাসীৰ মাজত নিশা কটায় মঙলবাৰৰ নিশা । প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ, উজ্জ্বলাৰ দৰে আঁচনিৰ হিতাধিকাৰীসকলৰ ঘৰত উপস্থিত হৈ সাক্ষাৎ আৰু বাৰ্তালাপ কৰে সৰ্বানন্দ সোণোৱালে ৷ বাগিচাৰ চৰ্দাৰ, চকীদাৰ, জ্যেষ্ঠ নাগৰিককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে সৰ্বানন্দ সোণোৱালে মত বিনিময় কৰে আৰু চাফাই অভিযানতো ভাগ লয় ৷

এইদৰে গাঁৱে গাঁৱে ২৮০০ বুথ সমিতিত দলীয় নেতা-কৰ্মীয়ে চৰকাৰী আঁচনিৰ কথা জনসাধাৰণলৈ লৈ যোৱাৰ চেষ্টা কৰিছে ৷ বিপৰীতে, অসমৰ কংগ্ৰেছ আৰু সহ বিৰোধী দলসমূহৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিত বাৰে বাৰে আঘাত হানিবলৈ সক্ষম হৈছে বিজেপি ৷

ইজনৰ পিচত সিজন কংগ্ৰেছ নেতাই যোগদান কৰিছে বিজেপিত । শেহতীয়াকৈ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিকেই বিজেপিয়ে আনিলে নিজৰ আয়ত্বলৈ ৷ কাৰ্যকৰী সভাপতি তথা কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু মঙলদৈৰ বিধায়ক বসন্ত দাসে বিজেপি চৰকাৰৰ প্ৰতি সহযোগিতা ঘোষণা কৰি একপ্ৰকাৰ বেকফুটলৈ ঠেলি দিলে কংগ্ৰেছক । আনহাতে ৰাজ্যৰ সহযোগী বিৰোধী মিত্ৰজোঁটৰ দলৰ সন্মুখত অস্বস্তিত পৰিছে কংগ্ৰেছ দল ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ শৰণত 2 কংগ্ৰেছী বিধায়ক ! কাৰ্যকৰী সভাপতিৰ পদ এৰিলে কমলাক্ষই

Last Updated : Feb 14, 2024, 8:10 PM IST

ABOUT THE AUTHOR

...view details