ধিং:শেহতীয়াভাৱে অসমৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰত তিনিটা বিষয়ে বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে । প্ৰথম বিষয়টো হৈছে পৰীক্ষাৰ্থীক পৰীক্ষাগৃহত বিশেষ সুবিধা প্ৰদানৰ অভিযোগত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰৰ ঘটনা ।
আনটো হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ চাকৰিত নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগ ।
আনহাতে, তৃতীয় চৰ্চিত বিষয়টো হৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক দিন-দুপৰতে দুৰ্বৃত্তৰ আক্ৰমণ আৰু এই ঘটনাৰ পিছত এতিয়ালৈকে দুৰ্বৃত্তক কৰায়ত্ত নকৰা সন্দৰ্ভত ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া । এই আটাইকেইটা ঘটনা সন্দৰ্ভত শেহতীয়াভাৱে নিজৰ মন্তব্য প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে । ইয়াৰ ভিতৰত অখিল গগৈৰ পত্নী সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্যই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে । লগতে এই অশালীন মন্তব্যৰ বাবে প্ৰাক্তন সাংসদগৰাকী তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগা হৈছে ।
মহবুবুল হকক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া
উল্লেখ্য যে দেওবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাটত দ্বীনি তালিম জমিয়ত উলামাৰ শিক্ষক সন্মিলনত অংশগ্ৰহণ কৰি এ আই ইউ ডি এফ দলৰ সভাপতি বদৰুদ্দিন আজমলে এই বিষয়কেইটাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত ধুবুৰীৰ প্ৰাক্তন সাংসদগৰাকীৰ মহবুবুল হকক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া, "মোৰ একো মন্তব্য নাই । কানুনে তাৰ কাম কৰিব । সি যেতিয়া আল্লাই নকৰক উলটা-পালটা কৰি আছে কানুনে যি কাম কৰিব কৰিব । কিন্তু মানুহজনে বহুত ডাঙৰ কাম কৰি আছে । যদি ইউ এছ টি এমৰ মহবুবুল হকে সৰু-সুৰা ভুল কৰিছে, তেখেতক চৰকাৰে ক্ষমা কৰি দিব লাগে । তেখেতে বহুত ভাল কাম কৰি আছে । ইমান ডাঙৰ এটা প্ৰতিষ্ঠান, আমিতো সপোনতো দেখিব নোৱাৰো । সেইটো কাৰণে যদি কিবা সৰু-সুৰা ভুল-ভ্ৰান্তি থাকে চৰকাৰে মাফ কৰি দিব লাগে ।"