নগাঁও, 22 ফেব্ৰুৱাৰী:লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ক্ৰমাৎ গৰম হৈছে নগাঁও লোকসভা সমষ্টিৰ ৰাজনৈতিক বতাহ । বিশেষকৈ সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ চাৰিটাকৈ বিধানসভা সমষ্টি ক্ৰমে চামগুৰি, ধিং, ৰূপহীহাট আৰু বৰ্তমান নগাঁও বিধানসভা সমষ্টিৰে সংলগ্ন বটদ্ৰৱা বিধানসভা সমষ্টি বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ’ল ৷ তাৰ পিচৰ পৰাই সলনি হৈ পৰে নগাঁও লোকসভা সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট ।
বিশেষকৈ কংগ্ৰেছ দলৰ বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ মাজত চলি আছে প্ৰাৰ্থিত্বৰ এখন শীতল যুঁজ । এইক্ষেত্ৰত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত গৌৰৱ গগৈয়েই আগবাঢ়ি থকা বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে । যাৰ বাবে ৰাজ্যৰ ৰাজনীতিত সৰ্বাধিক চর্চা লাভ কৰিছে নগাঁও লোকসভা সমষ্টিয়ে ।
ইপিনে সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাত একপ্ৰকাৰ শলঠেকত পৰিছে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টী । নগাঁও লোকসভা সমষ্টি বিজেপিয়ে দখল কৰাটো আজিৰ তাৰিখত সহজ হৈ থকা নাই যদিও বিজেপিয়েও সমষ্টিটো দখলৰ বাবে বিভিন্ন কৌশল ৰচনা কৰি আছে ।
অৱশ্যে অগপ, বিজেপি মিত্ৰজোঁটৰ পৰা কোন দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেয়াও এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও অগপ নেতৃত্বই নগাঁও লোকসভা সমষ্টিৰ পৰা বিচৰা নাই প্ৰাৰ্থিত্ব । এনে ক্ষেত্ৰত নগাঁও লোকসভা সমষ্টিত বিজেপিয়েই প্ৰাৰ্থী দিয়াটো প্ৰায় নিশ্চিত বুলিও আন সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
ইয়াৰ বিপৰীতে নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব দাবী কৰিছে অগপ নেতৃত্বই । যদি সেয়াই হয় তেন্তে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব পাৰে অগপ নেতা মণি মাধৱ মহন্ত । আনহাতে নগাঁও লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ এৰি নতুনকৈ বিজেপিত যোগদান কৰা ন বিজেপি নেতা সুৰেশ বৰা, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেতা গৌতম বৰাৰ নাম চর্চা হৈছে বিজেপিৰ প্ৰাৰ্থী হিচাপে । নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ দৌৰত অৱশ্যে আগবাঢ়ি আছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ হোৱা বুলি চৰ্চিত সুৰেশ বৰা ।
একেদৰে নগাঁও লোকসভা সমষ্টি দখলৰ যুঁজত পিছপৰি থকা নাই বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দল । সমষ্টি পুনৰনিৰ্ধাৰণৰ পিছত বৰ্তমানৰ নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাত এ আই ইউ ডি এফ দলে সমষ্টি দখল কৰিবলৈ ইতিমধ্যেই ধিং সমষ্টিৰ বিধায়ক অমিনুল ইছলামক প্ৰাৰ্থী ঘোষণা কৰি ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । সমষ্টিটো কাৰ দখললৈ যায় সেয়া নিৰ্বাচনী ফলাফলৰ পিছত স্পষ্ট হ’ব যদিও এইবাৰ নগাঁও লোকসভা সমষ্টিত ত্ৰিকোণীয়া এখন যুঁজ হোৱাৰ সম্ভাৱনা আছে বুলিও ৰাজনৈতিক মহলত চৰ্চা চলিছে ।
লগতে পঢ়ক:বিজেপিৰ ৱাছিং মেছিনত গা ধুবলৈ গৈছে দুই-এজন বিধায়ক : দেৱব্ৰত শইকীয়া