গুৱাহাটী, 4 মে': লোকসভা নিৰ্বাচনত ঘৰ শত্ৰু বিভীষণক লৈ সমস্যাত পৰিছে প্ৰদেশ কংগ্ৰেছ । নিৰ্বাচনত কংগ্ৰেছ দলে পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হৈছে যদিও কেইবাটাও সমষ্টিত 'ঘৰ বিভীষণ'-এ সৃষ্টি কৰিছে সমস্যাৰ । কংগ্ৰেছৰ বিৰুদ্ধেই প্ৰচাৰত নামিছে 'বিভীষণ' ৰূপী একাংশ কংগ্ৰেছী নেতা আৰু বিধায়ক । কোনোবাই যদি মুকলিকৈয়ে প্ৰচাৰ চলাইছে আৰু আন কোনোবাই আকৌ গোপনে চলাইছে প্ৰচাৰ । আপোনজনেই কংগ্ৰেছত সৃষ্টি কৰিছে প্রত্যাহ্বানৰ ।
নিৰ্বাচনৰ পূৰ্বে দলত্যাগৰ জোৱাৰ আৰু বিসম্বাদৰ প্ৰকোপত বিধ্বস্ত হৈ পৰা কংগ্ৰেছ দলে কোনোমতে মূৰ দাঙি বিৰোধী শক্তিৰে মিলি নিৰ্বাচনত অৱতীৰ্ণ হৈছে যদিও দলীয় একাংশ নেতা-বিধায়কৰ কাৰ্যকলাপে সমস্যাৰ সৃষ্টি কৰিছে । লক্ষণীয় বিষয় যে, ধনে-বলে শক্তিশালী বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে সীমিত শক্তিৰে যুঁজ দিবলগীয়া হৈছে শতিকা পুৰণি দলটোৱে । ক'বলৈ গ'লে কংগ্ৰেছত চলিছে ঘৰ শত্ৰুৰ আক্ৰমণ ।
উল্লেখ্য যে, কংগ্ৰেছৰ বিধায়ক হৈ থাকিও বিজেপি চৰকাৰক মুকলিকৈ সমর্থন আগবঢ়াই নিলম্বিত হোৱা বিধায়ক ক্রমে কমলাক্ষ দে' পুৰকায়স্থ, বসন্ত দাস, শশীকান্ত দাস আৰু ছিদ্দিক আহমেদে এইবাৰৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে । কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদৰ বিৰুদ্ধে প্ৰচাৰ চলালে কমলাক্ষ দে' পুৰকায়স্থ আৰু ছিদ্দিক আহমেদে । সেইদৰে নগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে শশীকান্ত দাসে আৰু দৰং-ওদালগুৰিত বিজেপি প্রার্থী দিলীপ শইকীয়াৰ সপক্ষে মুকলিকৈ প্ৰচাৰলৈ ওলাই আহিল বসন্ত দাস ।
ইফালে বিজেপি বিৰোধী স্থিতি গ্রহণ কৰিও কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট নিদিবলৈ মুকলিকৈয়ে আহ্বান জনাইছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে । ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন মুছলমানৰ শত্ৰু বুলি অভিহিত কৰি আনকি শ্বেৰমান আলী আহমেদে এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলক ভোট দিবলৈ ৰাজহুৱা সভাত আহ্বান জনাইছে । শ্বেৰমান আলী সম্প্রতি এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ধুবুৰীত জোৰদাৰ প্ৰচাৰো চলাই আছে । এনে পৰিস্থিতিত কংগ্ৰেছতে থাকি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা বিধায়কসকলে দলটোক শেহতীয়াকৈ প্ৰচুৰ ক্ষতি কৰা বিষয়টো লক্ষণীয় বিষয় হৈ পৰিছে।