অসম

assam

ETV Bharat / politics

লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডি মিত্ৰতালৈ সমৰ্থন পিএলপিৰ

Lok Sabha elections 2024: প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চ, অসমৰ সভাপতি ভূপেন কুমাৰ বৰাক সাক্ষাৎ কৰি বিৰোধী ঐক্য মঞ্চলৈ সমৰ্থন আগবঢ়ালে পূৰ্বাঞ্চলীয় লোক পৰিষদ চমুকৈ পিএলপিয়ে ৷ সোমবাৰে পিএলপি কৰ্মকৰ্তাই সাক্ষাৎ কৰে বৰাক ৷

assam-plp-supports-indi-alliance-for-lok-sabha-elections-2024
লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডি মিত্ৰতালৈ সমৰ্থন পিএলপিৰ

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 6:51 AM IST

লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডি মিত্ৰতালৈ সমৰ্থন পিএলপিৰ

গুৱাহাটী, 27 ফেব্ৰুৱাৰী:বিপৰ্যয় অব্যাহত থকাৰ সময়তে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চলৈ সমৰ্থন আগবঢ়ালেপূৰ্বাঞ্চলীয় লোক পৰিষদ চমুকৈ পিএলপিয়ে ৷ সোমবাৰে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চ, অসমৰ প্ৰতি আনুষ্ঠানিকভাবে সমৰ্থন আগবঢ়ায় পিএলপিৰ কৰ্মকৰ্তাই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চ, অসমৰ সভাপতি ভূপেন কুমাৰ বৰাৰ গুৱাহাটীৰ বাসভৱনত সোমবাৰে পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সভাপতি চৰণ ডেকাৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দল উপস্থিত হয় আৰু বিজেপি বিৰোধী ঐক্য মঞ্চত অংশগ্ৰহণ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বাসভৱনত সোমবাৰে সভাপতি চৰণ ডেকাৰ লগতে উপস্থিত থাকে পূৰ্বাঞ্চলীয় লোক পৰিষদৰ সম্পাদক ৰাজকুমাৰ বৈশ্য, তপন কুমাৰ শৰ্মা আৰু সাংগঠনিক সম্পাদক সুজাতা শৰ্মা ৷ সাম্প্ৰতিক সময়ত সৰ্বসাধাৰণ লোকৰ ওপৰত চলায় থকা শোষণ, নিষ্পেষণ আদিৰ অৱসান ঘটোৱাৰ উদ্দেশ্যৰে অসমৰ সিংহপুৰুষ নিবাৰণ বৰাৰ নেতৃত্বত গঢ় লৈ উঠা পূৰ্বাঞ্চলীয় লোক পৰিষদে সমাগত লোকসভাৰ পূৰ্বে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ।

অসমৰ আঞ্চলিক ৰাজনৈতিক দলৰ অন্যতম প্ৰতিনিধি পিএলপিয়ে নিৰ্বাচন সমাগত হোৱা এই সময়খিনিত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ হৈ কাম-কাজ কৰিব বুলি বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰাই জানিবলৈ দিয়ে ৷ বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ভাৰ্চুৱেলী এই বৈঠকত অংশগ্ৰহণ কৰে । ডিব্ৰুগড়ত সাংগঠনিক কামত ব্যস্ত থকা লুৰীণজ্যোতি গগৈয়ে এক বিবৃতিযোগে এই সন্দৰ্ভত কয়, "বিৰোধী ঐক্য মঞ্চ সবল কৰাৰ ক্ষেত্ৰত পিএলপিৰ নেতা-কৰ্মীসকল এতিয়া এক সৰৱ জনকণ্ঠ হৈ পৰিব আৰু স্বৈৰাচাৰী বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে সকলোৱে কাম কৰি যাব ।

লগতে পঢ়ক:অসমত ১৪খন আসন বুজাবুজিৰ দিশত অগ্ৰসৰ ১৫টা বিৰোধী ৰাজনৈতিক দল

ABOUT THE AUTHOR

...view details