শিলচৰ:অহা 13 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সমষ্টি কেইটাত দেখা গৈছে ব্যাপক নিৰ্বাচনী উছাহ ৷ ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে নিজ নিজ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে দিন-ৰাতি একাকাৰ কৰি যুদ্ধক্ষেত্ৰত নামি পৰিছে ৷ কোনো কোনো স্থানত সংঘটিত হৈছে প্ৰাক নিৰ্বাচনী হিংসা ৷ এই ক্ষেত্ৰত বাতৰিৰ শিৰোনামৰ শীৰ্ষত আছে চামগুৰি সমষ্টি ৷ কিন্তু শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ধলাই সমষ্টিৰ পৰাও আহিছে প্ৰাক নিৰ্বাচনী হিংসাৰ খবৰ ৷
উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত উত্তপ্ত হৈ পৰিছে কাছাৰৰ ধলাইৰ নিৰ্বাচনী পৰিৱেশ । উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ধলাইৰ বৰজালেংগাত সংঘটিত হৈছে এক হিংসাত্মক ঘটনা । এগৰাকী কংগ্ৰেছ কৰ্মীক মাৰ-পিট কৰাৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনী সভাৰ পেণ্ডেল লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি কৰ্মীৰ বিৰুদ্ধে । ঘটনাক লৈ ধলাই আৰক্ষী চকীত পাঁচগৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে দাখিল কৰা হৈছে গোচৰ ।
অভিযোগ মতে, শনিবাৰে নিশা ধলাই বৰজালেংগাৰ সঞ্জু মাল নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীৰ বাসগৃহত হঠাৎ স্থানীয় কেইবাজনো বিজেপি কৰ্মীয়ে প্ৰৱেশ কৰে । কংগ্ৰেছ কৰ্মীগৰাকীৰ ঘৰৰ চৌহদতে কংগ্ৰেছৰ নিৰ্বাচনী সভাৰ বাবে অস্থায়ীভাৱে নিৰ্মাণ পেণ্ডেল ভাঙি লণ্ডভণ্ড কৰে বিজেপি কৰ্মীসকলে ।