গুৱাহাটী, ২৯ এপ্ৰিল :৭ মে’ত অসমত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব ৪ টা লোকসভা সমষ্টিৰ নিৰ্বাচন । সকলো দলেই নিজা নিজাকৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ ৷ বৰপেটা লোকসভা আসনখনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰে আছে দুজনকৈ প্ৰাৰ্থী ৷ নিজা নিজাকৈ নিৰ্বাচনত প্ৰাৰ্থী দি নিৰ্বাচনী যুঁজত নামিছে কংগ্ৰেছ আৰু চিপিআইয়ে(এম) ৷ যাৰ বাবে বিজেপি বিৰোধী শক্তিৰ ওচৰত জবাব দিহি হ’ব লগা হৈছে বিৰোধীৰ মিত্ৰজোঁট ।
কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়ন আৰু চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ দুয়ো গৰাকীয়েই প্ৰচাৰ অব্যাহত ৰাখিছে বৰপেটা লোকসভা সমষ্টিত । যাৰ ফলত বিৰোধীৰ ভোট বিভাজন হৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ নেতা ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰিব পাৰে বুলি শংকাত ভুগিছে বিৰোধীৰ শিবিৰ ।
বিধায়ক অখিল গগৈয়ে সেয়ে কংগ্ৰেছৰ প্ৰতি আগবঢ়াইছে বিশেষ প্ৰস্তাৱ । সমাজিক মাধ্যমত এই বিষয়ত জনাইছে অখিল গগৈয়ে ৷ “বৰপেটা লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী এজনেই হ’ব লাগে । কালি ভূপেন বৰা ডাঙৰীয়াক লুৰীণজ্যোতি গগৈৰ সন্মুখত পুনৰ এবাৰ ক’লো । আমাক সিদ্ধান্ত লাগে ।" এইদৰে আমাক সিদ্ধান্ত লাগে বুলি এক প্ৰকাৰ আহ্বান অখিল গগৈৰ ।