গুৱাহাটী, ১৯ এপ্ৰিল: নিজে প্ৰতিদ্বন্দ্বিতা কৰা তিনিটা সমষ্টিক বাদ দি বাকী সমষ্টিত বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা দলক সমৰ্থন জনাব এ আই ইউ ডি এফ দলে । দলটোৰ গুৱাহাটীৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয়ত শুকুৰবাৰে আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে । তেওঁ কয় যে বিজেপিক পৰাভূত কৰাৰ বাবেই প্ৰতিদ্বন্দ্বিতা নকৰা সমষ্টিত এ আই ইউ ডি এফ দলে আন প্ৰাৰ্থী তথা দলৰ প্ৰতি নৈতিক সমৰ্থন আগবঢ়াইছে ।
বিজেপিক প্ৰত্যাহ্বান জনাব পৰা দলক সমৰ্থন জনোৱাৰ কথা সদৰী কৰি তেওঁ কয় যে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত পাঁচটা সমষ্টিৰ কথা এতিয়া নাহে । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ সমষ্টিকেইটাত সমৰ্থন জনোৱাৰ প্ৰসংগত তেওঁ কয় যে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত এ আই ইউ ডি এফে নিজে প্ৰতিদ্বন্দ্বিতাত নামিছে । তেওঁ কয় যে এই তিনিটা সমষ্টিত দলীয় প্ৰাৰ্থীক জয়ী কৰোৱাৰ চেষ্টা কৰা হ'ব আৰু তিনিটা সমষ্টিতে এ আই ইউ ডি এফৰ প্ৰাৰ্থী জয়ী হ'ব ।
দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত কোনটো সমষ্টিত কাক সমৰ্থন জনাব সেই কথা সদৰী কৰি তেওঁ কয় যে দৰং-ওদালগুৰি সমষ্টিত বি পি এফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োক এ আই ইউ ডি এফে নৈতিকভাৱে সমৰ্থন জনাইছে । এই সমষ্টিটোত বিজেপিৰ বিৰুদ্ধে বি পি এফ শক্তিশালী বুলি সদৰি কৰি বি পি এফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়োক নৈতিকভাৱে সমৰ্থন জনোৱাৰ কথা তেওঁ স্পষ্টভাৱে সদৰী কৰে ।