তেজপুৰ, ২৬ ফেব্ৰুৱাৰী :কেইদিনমান আগলৈকে কথাই প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তুচ্ছ তাচ্ছিল্য কৰা সদ্য পদত্যাগী কংগ্ৰেছী অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ মুখত এইবাৰ শুনিবলৈ পোৱা গ'ল মোদী বন্দনা ৷ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই দাবী কৰি কয় যে পুনৰাই দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী । বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেখা সপোন বাস্তবায়িত হ'ব বুলিও তেওঁ কয় ৷ তেজপুৰত আজি জিলা অগপ কাৰ্যালয়ত দলটোৰ সংবিধান অনুসৰি শপতবাক্য পাঠ কৰা অনুষ্ঠানতেই তেওঁ মোদী বন্দনাত গদগদ হৈ পৰে ।
কংগ্ৰেছত উশাহ ল'বলৈ কষ্ট পাই নিজৰ ঘৰলৈ ঘূৰি অহা বুলি উল্লেখ কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়,"এৰি থৈ যোৱা ঘৰখনৰ ঋণ পৰিশোধ কৰিবলৈকে ঘূৰি আহিছো ৷ " উল্লেখ্য যে তেজপুৰত আজি জিলা অগপ কাৰ্যালয়ত দলটোৰ সংবিধান অনুসৰি অসম বিধায়িনী দলে শপতবাক্য পাঠ কৰে ৷ শপতবাক্য পাঠ কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৰাণা গোস্বামীয়ে কংগ্ৰেছ এৰিব খোজা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," কেৱল ৰাণা গোস্বামীয়েই নহয়, আৰু বহু সংখ্যকে অচিৰেই কংগ্ৰেছ দল ত্যাগ কৰিব ৷"