গোলাঘাট, ১৬ এপ্ৰিল:প্ৰাপ্য়ৰ পৰা বঞ্চিত হোৱাত ক্ষোভ উজাৰি কাজিৰঙা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আলোচনাপন্থী আদিবাসী উগ্ৰপন্থী সংগঠন । এইবাৰ কামাখ্যা প্ৰসাদ তাছাৰ বিৰোধিতা কৰিছে আলোচনাপন্থী আদিবাসী উগ্ৰপন্থী সংগঠন সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী চমুকৈ আনলাই । আদিবাসীসকলক কৰা প্ৰতাৰণা আৰু আনলাৰে হোৱা চুক্তিৰ দফাসমূহ ৰূপায়ণ নকৰাৰ প্ৰতিবাদত এইবাৰৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক সমৰ্থন নকৰে আনলাৰ যুদ্ধবিৰত গোটে । তাৰ পৰিবৰ্তে কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীক মুকলিকৈ সমৰ্থন দিব আনলাই ।
সোমবাৰে মেৰাপানীৰ চাংখাটি বজাৰত সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিয়ে আনলাৰ সভাপতি জহাকিম এক্কাৰ লগতে এৰিয়া কমাণ্ডাৰ কামিল ডাঙে । আলোচনাপন্থী উগ্ৰপন্থী সংগঠনটোৰ অভিযোগ অনুসৰি ২০২২ত স্বাক্ষৰিত ঐতিহাসিক শান্তি চুক্তিৰ পাচত চৰকাৰে গঠন কৰা আদিবাসী কল্যাণ পৰিষদক আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই ফুটাকড়ি এটাও । তেওঁলোকে প্ৰাপ্য়ৰ বাবে আহ্বান জনাই থকাৰ পিচতো চৰকাৰে কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই বুলি কয় ।