লখিমপুৰ, 18 মাৰ্চ:লোকসভা নিৰ্বাচন অনুষ্ঠিত নৌহওঁতেই 12 নং লখিমপুৰ লোকসভা সমষ্টি সন্দৰ্ভত চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে কিছু আকৰ্ষণীয় সমীকৰণ ৷ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই শাসকীয় বিজেপি দলে লক্ষাধিক ভোট হেৰুৱাব বুলি এই সমীক্ষাত পোহৰলৈ আহিছে । একেদৰে প্ৰধান বিৰোধী দল কংগ্ৰেছেও এই সমীক্ষাত অৰ্ধ লক্ষাধিক ভোট হেৰুৱাব বুলি পোহৰলৈ আহিছে ।
লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মুঠ 9 টা বিধানসভা সমষ্টিৰ পৰা এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণত মাজুলী আৰু চাবুৱা সমষ্টি দুটা বাদ দিয়াৰ বাবে শাসক-বিৰোধী দল এনেদৰে বুজন পৰিমাণৰ ভোট হেৰুৱাটো নিশ্চিত হৈ পৰিছে । কিয়নো বিগত 2019 ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ প্ৰাপ্ত ভোটৰ তথ্যই এই কথা স্পষ্ট কৰি তুলিছে ।
তথ্য মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত শাসকীয় বিজেপি দল আৰু বিৰোধী কংগ্রেছ দল সৰ্বাধিক ক্ষতি হোৱাৰ সম্ভাৱনা পোহৰলৈ আহিছে । উল্লেখ্য যে, 2019 চনৰ নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই পোৱা ভোটৰ সংখ্যা আছিল 62 হেজাৰ 375 টা । তেনেদৰে চাবুৱা সমষ্টিত পোৱা ভোটৰ সংখ্যা আছিল 79 হেজাৰ 21 টা । এই দুয়োটা সমষ্টিত প্ৰদান বৰুৱাই পোৱা মুঠ ভোটৰ সংখ্যা হ’ল 1 লাখ 41 হেজাৰ 396 টা ।
একেদৰে, কংগ্রেছৰ প্ৰাৰ্থী অনিল বৰগোঁহায়ে মাজুলী সমষ্টিত পাইছিল 24 হেজাৰ 242 টা ভোট আৰু চাবুৱা সমষ্টিত পাইছিল 27 হেজাৰ 573 টা ভোট । কংগ্রেছৰ প্ৰাৰ্থীজনে এই দুয়োটা সমষ্টিত পোৱা ভোটৰ সংখ্যা হ’ল 51 হেজাৰ 815 টা ।