নেশ্যনেল ডেস্ক, 15 মে’:ৰাজ্যৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাই বহু গুৰুত্বপূৰ্ণ কথা নিজ ভাষণত প্ৰকাশ কৰে ৷
তেওঁ কয় যে, যেতিয়া বিজেপিয়ে 300 খন আসন লাভ কৰিছিল, তেতিয়াই অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল ৷ এইবেলি যদি লোকসভা নিৰ্বাচনত গেৰুৱা দলটোৱে 400 খন আসন লাভ কৰে, তেন্তে মথুৰাৰ কৃষ্ণ জন্মভূমি স্থানৰ সমান্তৰালকৈ বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ ঠাইত নিৰ্মাণ কৰা হ'ব মন্দিৰ ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰক ভাৰতত অন্তৰ্ভুক্ত কৰা হ'ব । কংগ্ৰেছৰ শাসনকালত পাকিস্তান অধিকৃত কাশ্মীৰ সন্দৰ্ভত সংসদত কোনো আলোচনা অনুষ্ঠিত হোৱা নাছিল বুলিও তেওঁ ব্যক্ত কৰে ।
"যেতিয়া কংগ্ৰেছ চৰকাৰ শাসনৰ গাদীত আছিল, আমাক কোৱা হৈছিল যে, এখন কাশ্মীৰ ভাৰতত আৰু আনখন পাকিস্তানত আছে । আমাৰ সংসদত কেতিয়াও আলোচনা কৰা হোৱা নাছিল যে, পাকিস্তানে কাশ্মীৰ অধিকৃত কৰিছে, এয়া প্ৰকৃততে আমাৰ ।
এই মূহুৰ্তত পিঅ’কেত প্ৰতিদিনে আন্দোলন হৈ আছে আৰু মানুহে ভাৰতীয় ত্ৰিৰংগা হাতত ধৰি পাকিস্তানৰ বিৰুদ্ধে সাব্যস্ত কৰি আছে প্ৰতিবাদ ৷ যদি মোদীজীয়ে 400 খন আসন লাভ কৰে, তেন্তে পিঅ’কেও ভাৰতৰ হ'ব । ইতিমধ্যে এয়া আৰম্ভ হৈছে" বুলিও হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে ৷