অসম

assam

ETV Bharat / lifestyle

চুম্বনৰো আছে বহু উপকাৰিতা, জানিলে হৈ পৰিব আচৰিত - KISS DAY 2025

আজিৰ দিনটোত সংগীয়ে ইজনে আনজনক চুম্বন কৰি নিজৰ প্ৰেম প্ৰকাশ কৰে, কিন্তু আপুনি জানেনে যে চুমাৰ কিমান উপকাৰিতা আছে যাৰ বিষয়ে আজি জানো আহক-

Kissing Benefits
চুম্বনৰো আছে বহু উপকাৰিতা, জানিলে হৈ পৰিব আচৰিত (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Feb 13, 2025, 12:52 PM IST

"ৰূপহ কোঁৱৰৰ চুমাৰ পৰশতে

লাজুকী কুঁৱৰী মৰহি যায়"

ভেলেণ্টাইন সপ্তাহৰ সপ্তম দিন ১৩ ফেব্ৰুৱাৰীত কিছ ডে পালন কৰা হয় । কিছ ডে’ত আপুনি আপোনাৰ সম্পৰ্কক অধিক গভীৰতা প্ৰদান কৰিব পাৰে । ইয়াত আপুনি প্ৰতিশ্ৰুতি আৰু অন্তৰংগতাক চুমা খোৱাৰ সুযোগ পায় । আচলতে মৰমৰ যোগাযোগৰ সমান্তৰালকৈ আপোনাৰ প্ৰেমৰ সংগী আৰু আপোনাৰ সংগীৰ মাজৰ বন্ধন আৰু অধিক দৃঢ় হৈ পৰে । কিছ ডে’ক ভেলেণ্টাইন উইকৰ আটাইতকৈ ৰোমান্টিক দিন বুলি গণ্য কৰা হয় ৷ এই দিনটোক বিশেষ কৰি তুলিবলৈ প্ৰেমিক যুগলে ইজনে আনজনক চুম্বন কৰি নিজৰ প্ৰেম প্ৰকাশ কৰে ৷ এই দিনটোত চুম্বন কৰিলে প্ৰেম গভীৰ হয় বুলিও কোৱা হয় ৷ এই দিনটোত সংগীয়ে ইজনে সিজনক চুম্বন কৰি প্ৰেম প্ৰকাশ কৰে ৷ চুম্বন কৰিলে প্ৰেম বৃদ্ধি হোৱাই নহয় ইজনে আনজনৰ প্ৰতি সন্মানো বৃদ্ধি পায় ৷ সেয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীততো কোৱা হৈছে যে-

বিশ্বাস কৰা হয় যে চুমাই যিকোনো দম্পত্তি, প্ৰেমিক যুগলৰ মাজত প্ৰেম আৰু অধিক গভীৰ কৰি তোলে ৷ প্ৰেমৰ আদান-প্ৰদানত চুমাই এক বিশেষ ভূমিকা পালন কৰে ৷ কিন্তু বহুলোকে হয়তো এই বিষয়ে জ্ঞাত নহয় যে চুম্বন কৰাৰ বহু স্বাস্থ্য উপকাৰিতাও আছে ৷ হয় আপুনি ঠিকেই পঢ়িছে তেন্তে পলম নকৰি আজিয়েই জানি লওক চুমাৰ উপকাৰিতাসমূহ-

ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে

আপুনি জানেনে যে চুমা আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ? চুমাত মাত্ৰ ১০ ছেকেণ্ডতে ৮ কোটি ভাল বেক্টেৰিয়া স্থানান্তৰিত হয় ৷ এই বেক্টেৰিয়াবোৰ শৰীৰৰ বাবে অতি উপকাৰী, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হোৱাই নহয়, শৰীৰকো বহু ধৰণৰ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে ৷ চুম্বন কৰাৰ সময়ত শৰীৰত এড্ৰিনেলিন নামৰ হৰম’ন এটা উৎপন্ন হয়, যিটো হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী ৷ ই হৃদযন্ত্ৰক তেজ পাম্প কৰাত সহায় কৰে যাতে সমগ্ৰ শৰীৰত ভালদৰে তেজ চলাচল কৰিব পাৰে ৷ ইয়াৰ ফলত ৰক্তচাপ হ্ৰাস পায় আৰু শৰীৰত সঠিক ৰক্ত সঞ্চালন বজাই ৰাখে ৷

বেক্টেৰিয়া নিৰ্মূল কৰে

ইয়াৰ উপৰিও চুম্বন কৰাৰ সময়ত মুখত উৎপন্ন হোৱা লেলাউটি দাঁতৰ পৰা দাগ আঁতৰাই বেক্টেৰিয়া দূৰ কৰে ৷ এক মিনিট চুম্বন কৰিলে দুইৰ পৰা তিনি কেলৰি হ্ৰাস হয় ৷ ই কেৱল কেলৰি হ্ৰাস কৰাই নহয় শৰীৰৰ বিপাকীয় হাৰো বৃদ্ধি কৰে ৷

মেজাজ উন্নত কৰা

বিশ্বাস কৰা হয় যে, চুম্বন কৰিলে হৃদয় আৰু মন দুয়োটাই সুখী হয় ৷ এটা চুমাই কেৱল আপুনি কেৱল ডেকা হৈ থকাই নহয় প্ৰেমিক যুগলৰ মাজৰ দূৰত্বও আঁতৰাই পেলায়৷ চুমা খালে মানসিক চাপ আৰু উদ্বেগো কম হয়৷ ইয়াৰ উপৰিও চুমাই এজন ব্যক্তিৰ মেজাজ উন্নত কৰিব পাৰে ৷ সেইবাবেই ভেলেণ্টাইন উইকত কিছ ডে’ অতি গুৰুত্বপূৰ্ণ ৷ কোৱা হয় যে, নিয়মিতভাৱে ইজনে আনজনক চুমা খোৱাসকলে দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে সুস্থ হৈ থাকে ৷

যিকোনো বিষৰ পৰা সকাহ দিয়ক

চুমা খালে শৰীৰত দ্ৰুতগতিৰে এণ্ড’ৰ্ফিন উৎপাদন আৰম্ভ হয় । যিয়ে প্ৰাকৃতিক বিষনাশক হিচাপে কাম কৰে । এই হৰম’নবোৰে শৰীৰত সুখ আৰু শিথিলতাৰ অনুভূতি সৃষ্টি কৰে । ইয়াৰ দ্বাৰা যিকোনো শাৰীৰিক বিষৰ পৰা সকাহ পোৱা যায় ।

মুখখন উজ্বলি উঠে

আমি যেতিয়া আমাৰ সংগীক চুমা খাওঁ তেতিয়া মুখৰ পেশীবোৰ সক্ৰিয় হৈ পৰে । যাৰ বাবে ৰক্ত সঞ্চালন বৃদ্ধি পায় । ই মুখলৈ প্ৰাকৃতিক গ্লো আনিবলৈ কাম কৰে । কাৰোবাক চুমা খালে বলিৰেখাও কমি যায় ।

উৎস:-https://scholarcommons.scu.edu/cgi/viewcontent.cgi?article=1008&context=comm

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. আজি Hug Day...এনেদৰে আপোনাৰ প্ৰিয়জনলৈ পঠাওক শুভেচ্ছা বাৰ্তা
  2. 'প্ৰতিশ্ৰুতি দিলো শেষ উশাহলৈকে মাথোঁ তোমাৰেই হৈ থাকিম'...প্ৰিয়জনক প্ৰ'মিছ ডে'ত দিয়ক এই ৫টা প্ৰতিশ্ৰুতি
  3. সকলোৰে প্ৰিয় চকলেটৰ সৈতে ভেলেণ্টাইন ডে’ৰ সম্পৰ্ক কি জানেনে ?

ABOUT THE AUTHOR

...view details