আমি প্ৰায়েই শুনি আহিছো যে প্ৰেম যদি সঁচা হয় তেন্তে হাজাৰ বাধা বিঘিনি আহিলেও হেনো তাক অতিক্ৰম কৰাৰ বা সকলো বাধাৰ সৈতে যুঁজাৰ সাহস নিজেই আহি যায় ৷ যদি প্ৰিয় ব্যক্তিগৰাকী আমাৰ সৈতে প্ৰতিপল আমাৰ সাহস হৈ থাকে তেন্তে আমি যিকোনো বাধা অতিক্ৰম কৰিব পাৰো ৷
আজি অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন ৷ জীৱনৰ 52টা বসন্ত সুকলমে পাৰ কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে ৷ কিন্তু জীৱনৰ এই 52টা বছৰত তেওঁৰ ছাঁৰ দৰে প্ৰতিপল তেওঁৰ সাহস হৈ থকা তেওঁৰ জীৱনসংগীৰ অবিহনে এয়া জানো সম্ভৱ!
হয়, আপুনি ঠিকেই বুজিছে আমি ক’ব খুজিব তেওঁৰ অৰ্ধাংগিনী গৰিমা শইকীয়া গাৰ্গৰ বিষয়ে ৷ প্ৰথমবাৰ কেনেকৈ জুবিনৰ সৈতে সাক্ষাৎকাৰ হৈছিল গৰিমাৰ ৷ কেনেকৈ গৰিমা হৈ পৰিল গৰিমা গাৰ্গ জানো আহক-
জুবিনৰ জীৱনত দীঘলীয়া আছিল প্ৰেমিকাৰ শাৰী ?
বিভিন্ন অনুষ্ঠানত জুবিন গাৰ্গ নিজৰ ব্যক্তিগত, পেছাদাৰী জীৱন তথা স্বাধীনচিতীয়াভাৱে কোৱা নিজৰ কথা বাবে সদায় চৰ্চাত থাকে ৷ এনে বহু অনুষ্ঠানতো জুবিনে বিশেষকৈ নিজ মুখেৰে এইটো কথা স্বীকাৰ কৰিছে যে, তেওঁ বিভিন্ন সময়ত বহু নাৰীৰ সংস্পৰ্শলৈ আহিছিলে আৰু তেওঁৰ বহু প্ৰেমিকাও আছিলে ৷ যেতিয়া এটাৰ পিচত আন এটা স্থানত নিজৰ পিতৃৰ সৈতে ভ্ৰমণ কৰিছিলে তেতিয়া তেওঁ বহু নাৰীৰ সংস্পৰ্শলৈ আঁহোতে প্ৰেমিকাৰ স্থানো তেওঁ জীৱনত পাইছিলে ৷ তামুলপুৰত অধ্যয়ন কৰি থাঁকোতে 'জোনমণি আৰু ৰুণজুন' নামেৰে দুগৰাকী প্ৰেমিকাও আছিলে যাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ এটি জনপ্ৰিয় গীত 'পাখি পাখি এই মন গীতটিত''জোনমণি আৰু ৰুণজুন' দুটি নামক এক বিশেষ ধৰণে উল্লেখ কৰিছিলে ৷
১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায় । ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনৰ সৈতেও জড়িত হৈ পৰে । লগতে ১৯৯৪ মুক্তিলাভ কৰিছিল তেওঁৰ আন এটি জনপ্ৰিয় এলবাম মায়া ৷ সেই সময়ত এই দুটি এলবামৰ গীতে যেন এটি আলোড়নৰ সৃষ্টি কৰিছিল ৷ সকলোৰে মুখে মুখে ভাঁহি উঠিছিল মায়া আৰু অনামিকাৰ গীত ৷ সেই সময়ত অধ্যয়নৰ বাবে গৰিমা শইকীয়া আছিল বোম্বেত ৷ সেই সময়ছোৱাতে গৰিমা জীৱনত জুবিন গাৰ্গৰ আগমন ঘটে ৷
মায়া-অনামিকাৰ গীতেৰে হৈছিল প্ৰথম পৰিচয়
মন যায় তেওঁক এবাৰ চুবলৈ, মন যায় তেওঁক এবাৰ ওচৰৰ পৰা চাবলৈ, মন যায় তেওঁৰ গীতৰ পৃথিৱীত এবাৰ হেৰাই যাবলৈ মন যায় বুলি ক’লেই প্ৰতিগৰাকী অসমীয়াৰ মুখলৈ এটাই নাম আহে আৰু সেয়া হৈছে জুবিন গাৰ্গ যাৰ নামেই পৰিচয়, যাৰ গীতেই পৰিচয় ৷ জুবিন গাৰ্গৰ অসংখ্য অনুৰাগীৰ মাজতে গৰিমাও আছিল জুবিনৰ অনুৰাগী ৷ 1994ৰ কথা যেতিয়া জুবিনৰ দুই ছুপাৰহিট এলবাম মায়া আৰু অনামিকাই মুক্তিলাভ কৰিছিল আৰু সকলোতে এই দুই এলবামৰ কথা চৰ্চিত হৈ পৰিছিল প্ৰতিজন অসমীয়াৰ মুখে মুখে তেতিয়া মায়া আৰু অনামিকাৰ গান ৷