অসম

assam

ETV Bharat / lifestyle

প্ৰিয় ব্যক্তিগৰাকীক এইভাৱে জনাওক জন্মদিনৰ শুভেচ্ছা - SPECIAL BIRTHDAY WISHES

এইবাৰ প্ৰিয়জনক যদি জন্মদিনৰ শুভেচ্ছা কিছু পৃথভাৱে জনাব বিচাৰিছে তেন্তে এইদৰে আপুনিও জনাওক প্ৰিয়জনক জন্মদিনৰ শুভেচ্ছা-

Happy Birthday to Your Loved One: A Celebration of Life
প্ৰিয় ব্যক্তিগৰাকীক এইভাৱে জনাওক জন্মদিনৰ শুভেচ্ছা (FREEPIK)

By ETV Bharat Lifestyle Team

Published : 12 hours ago

১) মোৰ জীৱনটোক প্ৰেমৰ সুখ দিয়াজনলৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা থাকিল ৷ তুমি যিদৰে মোৰ বাবে বিশেষ, ঠিক একেদৰেই তোমাৰ বাবেও আজিৰ দিনটো অসাধাৰণ হওঁক ৷

২) শুভ জন্মদিন ৷ অন্তহীন প্ৰেম আৰু পাহৰিব নোৱাৰা মুহূৰ্তৰে আজিৰ দিনটো তোমাৰ বাবে চিৰস্মৰণীয় হৈ ৰওঁক ৷

৩) প্ৰেম তথা জীৱন সংগীলৈ জন্মদিনৰ শুভকামনা থাকিল ৷ আহি থকা প্ৰতিটো দিনেই উজ্জ্বল হৈ উঠক ৷

৪) মোৰ পৃথিৱীখন প্ৰেমেৰে উজ্জ্বল কৰি তোলা বিশেষ ব্যক্তিজনক জন্মদিনৰ শুভেচ্ছা জনালো ৷ তোমাক মোৰ কাষত পাই মই কৃতজ্ঞ ৷

৫) শুভ জন্মদিন ৷ মোৰ হৃদয়ৰ মৰমবোৰ যাতে সদায়েই তুমি গ্ৰহণ কৰা আৰু আমি যাতে সদায়েই আমাৰ অসাধাৰণ প্ৰেম উদযাপন কৰিব পাৰো ৷

৬) মোৰ আটাইতকৈ মৰমৰ, মোৰ প্ৰেমৰ প্ৰতীক, মোৰ জীৱনৰ সকলো হৈ পৰা বিশেষ ব্যক্তিগৰাকীক জন্মদিনৰ শুভেচ্ছা জনালো ৷জীৱনটোত তুমি মনৰ জোখাৰে সুখী হোৱা ৷

৭) যিজনে মোৰ প্ৰতিটো দিন উজ্জ্বল কৰে, প্ৰতিটো মুহূৰ্ত বিশেষ কৰে, আজি তেওঁৰ বিশেষ দিন ৷ শুভ জন্মদিন ! তুমি মোৰ প্ৰেমেই নহয়, মোৰ সকলো তুমিয়েই ৷

৮) যিজনে মোক সকলো ফালৰ পৰাই সম্পূৰ্ণ কৰে, তেওঁক জন্মদিনৰ শুভেচ্ছা জনালো ৷ তোমাৰ প্ৰেম মোৰ বাবে ইন্ধন, যিয়ে মোক আগুৱাই লৈ যায় ৷সদায় সুখী হোৱা, তাৰেই কামনা ৷

৯) তোমাৰ এই বিশেষ দিনটোত মোৰ সকলো মৰম আৰু আন্তৰিক শুভেচ্ছা প্ৰেৰণ কৰিছো ৷ শুভ জন্মদিন, মোৰ প্ৰেম !

১০) মোৰ জীৱনটো সম্পূৰ্ণ কৰাজনক জন্মদিনৰ শুভেচ্ছা জনালো ৷ তোমাক জীৱন সংগী হিচাপে লাভ কৰি নিজকে ধন্য অনুভৱ কৰিছো ৷

১১) মোৰ প্ৰাণৰ বন্ধু, মোৰ সংগী আৰু মোৰ আটাইতকৈ ভাল বন্ধুক জন্মদিনৰ শুভেচ্ছা জনালো ৷মোৰ পৃথিৱীখন উজ্জ্বল কৰি ৰখাৰ বাবে ধন্যবাদো জনাইছো ৷জীৱনত বিচৰা ধৰণৰেই তুমি সুখী হোৱা, আজি এই বিশেষ দিনটোত ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছো ৷

১২) শুভ জন্মদিন ! তুমি কুশলে থাকা ৷তোমাৰ সকলো সপোন দিঠকত পৰিণত হওঁক ৷ আজি তোমাৰ জন্মদিনৰ দিনাই ইশ্বৰৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছো ৷

১৩) তুমি যি বাঞ্চা কৰা, ভগৱানে তোমাক সেই সকলোবোৰ দিয়ক ৷ জন্মদিনৰ বহুত বহুত শুভকামনা ৷

১৪) আন এটা দুঃসাহসিক অভিযানপূৰ্ণ বছৰে তোমাৰ বাবে অপেক্ষা কৰি আছে ৷ শুভ জন্মদিন ৷

১৫) তুমি অতীতত সকলোৰে মাজত বিলাই দিয়া সুখ-আনন্দবোৰ আজিৰ দিনটোত তোমাৰ ওচৰলৈ ঘূৰি আহক ৷ জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিলো ৷

১৬) আজিৰ এই বিশেষ দিনটোত তোমাৰ সুস্বাস্থ্য কামনা কৰিলো ৷ ভগৱানে তোমাৰ মংগল কৰক ৷

১৭) মোৰ জীৱনত গুৰুতৰ প্ৰভাৱ পেলোৱা ব্যক্তিগৰাকীৰ আদি ওপজা দিন ৷ভগৱানে তোমাক সকলো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ শক্তি দিয়ক ৷ জন্মদিনৰ শুভেচ্ছা!

১৮) তুমি নিজেই মোৰ বাবে আৰু এই পৃথিৱীৰ বাবে এক উপহাৰ ৷তোমাকনো আজি কি উপহাৰ দিম ! শুভ জন্মদিন ৷

১৯) বছৰবোৰ গণনা নকৰিবা, তুমি জীয়াই থকা জীৱনটো গণনা কৰা ৷ অনাগত দিনবোৰ যাতে তুমি বিচৰা ধৰণৰে পাৰ কৰিব পাৰা ৷ শুভ জন্মদিন ৷

২০) অতীতক পাহৰি যোৱা আৰু ভৱিষ্যতৰ ভাল দিনবোৰৰ বাবে অপেক্ষা কৰা ৷জীৱনৰ সৰ্বশ্ৰেষ্ঠ সময় এতিয়াও আহিবলৈ বাকী ৷মৰমেৰে তোমাক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালো ৷

২১) জন্মদিন হৈছে এক নতুনৰ আৰম্ভণি ৷এয়া নতুন লক্ষ্যৰ সৈতে নতুন পথৰে আগবাঢ়ি যোৱাৰ সময় ৷আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি যোৱা ৷ আজিৰ এই বিশেষ দিনটোত হিয়াভৰা শুভেচ্ছা জনালো ৷

২২) আজি আন ৩৬৫ দিনৰ যাত্ৰাৰ প্ৰথম দিন ৷এই যাত্ৰাটো উপভোগ কৰা ৷তুমি আন বহুজনৰ আদৰ্শ হোৱা ৷ শুভ জন্মদিন ৷

২৩) ধুনীয়া ছোৱালীজনীলৈ জন্মদিনৰ বহুত শুভকামনা ৷তোমাৰ দৰেই ধুনীয়া হওঁক তোমাৰ জীৱন ৷সদায় আগৱাই যোৱা ৷তাৰেই কামনা ৷

২৪) তুমি মোৰ বাবে অতি বিশেষ ৷তোমাৰ এই দিনটো বিশেষ কৰি তুলিবলৈ মই এবছৰ অপেক্ষা কৰো ৷তোমাৰ দৰেই বিশেষ হওঁক তোমাৰ জীৱন ৷সদায়েই মোৰ বাবে বিশেষ হৈ থাকিবা ৷ জন্মদিনত বহুত বহুত মৰম আৰু শুভকামনা ৷

২৫)তোমাৰ জন্মদিনত মই পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় উপহাৰটো তোমাক দিয়াৰ কথা ভাবিছিলো ৷ কিন্তু তেতিয়া মই অনুভৱ কৰিলোঁ যে সেয়া সম্ভৱ নহয়, কিয়নো তুমি নিজেই পৃথিৱীৰ আটাইতকৈ আকৰ্ষণীয় উপহাৰ ৷

২৬) আজি তোমাৰ দিন ৷ এই বিশেষ দিনটোত মই তোমাৰ সফল জীৱনৰ কামনা কৰিলো ৷শুভ জন্মদিন !

২৭) তোমাক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালো ৷ এই বছৰটোয়ে যাতে তোমাৰ জীৱনলৈ কঢ়িয়াই আনে সুখ-সমদ্ধিৰ বতৰা ৷ সদায় হাঁহি থাকিবা ৷

২৮) আজি এই বিশেষ দিনটোত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো যাতে ভগৱানে তোমাক কুশলে ৰাখক ৷জীৱনত শুদ্ধ পথৰে আগবাঢ়ি যোৱা, তাৰেই কামনা কৰিলো ৷

২৯) ওপজা দিনৰ হিয়াভৰা ওলগ জনালো ৷জীৱনৰ এই নতুন বছৰটোয়ে যাতে তোমাৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনে, তাৰেই কামনা কৰিলো ৷

৩০) যিজনে মোৰ হৃদয়ৰ চাবিকাঠি ধৰি ৰাখে, তেওঁক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালো ৷ মোৰ জীৱনৰ আটাইতকৈ বিশ্বাসযোগ্য সংগী হোৱাৰ বাবে তোমাক ধন্যবাদ ৷

৩১)প্ৰিয়জনৰ Birthday ত ৰাতি ১২ বজাত Wish কৰাৰ আমেজে সুকীয়া ৷এতিয়া ১২ বাজিছে আৰু মোৰ ফালৰ পৰা তোমাক বহু বহু শুভেচ্ছা জনালো ৷ Let’s have some fun!

৩২)তুমি মোক প্ৰেম, আনন্দ, সাহস, মৰম, প্ৰেৰণা সকলো দি আহিছা ৷আজি তোমাৰ জন্মদিনত তোমাৰ লগত বাকী থকা জীৱন কটোৱাৰ প্ৰতিশ্ৰুতি দিলো ৷ Happy Birthday!

৩৩) সাগৰত পানী যিমান, মোৰ তোমাৰ প্ৰতি থকা মৰমো সিমান ৷ Happy Birthday sweetheart!

৩৪ ) তোমাৰ মোৰ জীৱনত আগমনে মোৰ সৰু পৃথিৱী খন পূৰ্ণ কৰিলা ৷ Happy Birthday Dear.

৩৫) তোমাৰ অবিহনে মোৰ চিন্তা অপূৰ্ণ, মন আচন্ন, সুখ আধৰুৱা এক কথাত সকলো অসম্পূৰ্ণ ৷ আজি তোমাৰ এই বিশেষ দিনটোত আন্তৰিক শুভকামনা জনালো ৷ সদায় মোক আগবঢ়াই নিব পৰাকৈ সামৰ্থ হৈ থাকা ৷

৩৬) জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালো ৷ আশাকৰো আজিৰ এই বিশেষ মূহুৰ্তই তোমাৰ জীৱনলৈ সীমাহীন সুখ, মৰম, আনন্দ আৰু সফলতা কঢ়িয়াই আনে ৷

৩৭) আজিৰ এই বিশেষ দিনটোত প্ৰতিটো ক্ষণ আনন্দৰে উপচি পৰক ৷ তাৰে কামনাৰে শুভ জন্মদিন ৷

৩৮)তোমাৰ জীৱনৰ প্ৰতিটো সময় অধিক সুখেৰে অতিবাহিত কৰা আৰু প্ৰতিটো জন্মদিনত অধিক আনন্দৰে উপভোগ কৰা ৷ শুভ জন্মদিন ৷

৩৯)আজি মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুখৰ দিন ৷ কাৰণ আজি তোমাৰ জন্মদিন ৷ ওপজা দিনৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাছিলো ৷

৪০)প্ৰতিটো জনমত তোমাকেই যেন মোৰ সংগী হিচাপে পাওঁ, তাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাইছো ৷ আশাকৰো ভগৱানে তোমাৰ মঙ্গল কৰক ৷ তোমাৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালো ৷

লগতে পঢ়ক:টেৰ’ কাৰ্ড ভৱিষ্যদ্বাণী: জন্ম তাৰিখৰ মূল্যাংক অনুসৰি কেনে যাব আপোনাৰ আগন্তুক বৰ্ষটো ?

ABOUT THE AUTHOR

...view details