‘‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰ-ধনু ধৰে ।’’ কাতি বিহু অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ বুলি ক’লেও ভুল কোৱা নহ’ব চাগৈ । আহিনৰ শেষৰ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে । এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু বিভিন্ন লোকাচাৰ ।
অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে । কৃষিজীৱী অসমীয়াই কাতি বিহুকো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই প্ৰবল উছাহেৰে অতীজৰে পৰা পালন কৰি আহিছে । বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড়ভাৱে জড়িত হৈ আছে । যদিও কাতি বিহু ৰঙালী আৰু ভোগালীৰ দৰে উলহ-মালহেৰে পালন কৰা নহয় তৎস্বত্বেও তুলসীৰ তলত এগছি চাকি জ্বলাই আকালৰ দিন শেষ হোৱাৰ বাবে প্ৰাৰ্থনা কৰা হয় ৷
এই বিহুৰ উদযাপন যথেষ্ট সামান্য হ’লেও কঙালী বিহুৰ সময়ত কিছুমান পৰম্পৰাগত খাদ্য সামগ্ৰীও তৈয়াৰ কৰা হয় । এই ব্যঞ্জনবোৰ সাধাৰণ হ’লেও, অভাৱৰ সময়ত পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ অসমীয়া মানুহে ঘৰে ঘৰে তৈয়াৰ কৰে ৷ সেয়ে কাতি বিহু উপলক্ষে আজি এনে কেইবিধমান অসমীয়া ব্যঞ্জনৰ বিষয়ে জানো আহক-
- চুঙা পিঠা
এই চাউলৰ পিঠা এটা ফুটা বাঁহৰ নলীত পিঠাগুড়ি ভৰাই মুকলি জুইত পুৰি প্ৰস্তুত কৰা হয় । এই ৰন্ধা পদ্ধতিয়ে এই পিঠা খাবলৈ অতি সোৱাদযুক্ত হোৱাৰ লগতে আলহীকো আপুনি সন্ধিয়া চাহৰ সৈতে পৰিবেশন কৰিব পাৰে । ইচ্ছা কৰিলে এই পিঠাৰ সৈতে অকণমান দৈ বা ক্ৰীম, গুড়, নাৰিকল দিও খাব পাৰে ৷
- টেকেলী পিঠা