বিশ্ব ভেপ দিৱস: ধূমপান ত্যাগ কৰিবলৈ অক্ষমসকলক সহায় কৰাৰ এক প্ৰয়াস - World Vape Day - WORLD VAPE DAY
World Vape Day : সমগ্ৰ বিশ্বজুৰি ৩০ মে'ত বিশ্ব ভেপ দিৱস পালন কৰা হয় । ধূম্ৰপায়ীসকলৰ বাবে ক্ষতি হ্ৰাস কৰাৰ সঁজুলি হিচাপে ভেপিঙৰ সম্ভাৱ্য লাভালাভৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে এই দিনটো উৎসৰ্গিত ।
বিশেষ প্ৰতিবেদন, ৩০ মে' : ৩০ মে'ত সমগ্ৰ বিশ্বতে বিশ্ব ভেপ দিৱস পালন কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে ই-চিগাৰেটৰ ওপৰত সজাগতা বৃদ্ধি কৰা আৰু ধূমপান ত্যাগ কৰিবলৈ অক্ষম ধূম্ৰপায়ীসকলক সহায় কৰা ।
এই দিনটো ধূম্ৰপায়ীসকলৰ বাবে ক্ষতি হ্ৰাসৰ সঁজুলি হিচাপে ভেপিঙৰ সম্ভাৱ্য লাভালাভৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে উৎসৰ্গিত । ভেপিং হৈছে নিকোটিন থকা তৰল পদাৰ্থ গৰম কৰি উৎপন্ন হোৱা এৰোছ'ল উশাহত লোৱা কাৰ্য । এই তৰলটোত সোৱাদ আৰু অন্যান্য উপাদানো থাকিব পাৰে । ভেপিঙক প্ৰায়ে চিগাৰেট সেৱন কৰাৰ এক সুৰক্ষিত বিকল্প হিচাপে দেখা যায় । কিয়নো ই ধঁপাতৰ ধোঁৱাত পোৱা একে ধৰণৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ প্ৰস্তুত নকৰে ।
অৱশ্যে ভেপিঙৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে এতিয়াও কিছু বিতৰ্ক আছে । কিন্তু উপলব্ধ প্ৰমাণে এইটো দেখুৱায় যে ধূমপানতকৈ ভেপিং যথেষ্ট কম ক্ষতিকাৰক । 'নিউ ইংলেণ্ড জাৰ্নেল অব মেডিচিন'ত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে ধূমপান সম্পৰ্কীয় ৰোগৰ ফলত মৃত্যুৰ আশংকা 95 শতাংশ হ্ৰাস কৰে ভেপিঙে ।
ধূম্ৰপায়ীসকলৰ বাবে ভেপিঙৰ সম্ভাৱ্য লাভালাভৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে বিশ্ব ভেপ দিৱস হৈছে এক গুৰুত্বপূৰ্ণ সুযোগ । এই দিনটোৱে ক্ষতি হ্ৰাস কৰাৰ সঁজুলি হিচাপে ভেপিঙৰ সফলতাক উদযাপন কৰাৰ সুযোগ প্ৰদান কৰে ।
তাৎপৰ্য
ভেপিঙে ধূমপান সম্পৰ্কীয় ৰোগ হ্ৰাস কৰে । বিশ্বত ভেপাৰৰ সংখ্যা ২০১১ চনৰ ৭ নিযুতৰ পৰা ২০১৮ চনত ৪১ নিযুতলৈ বৃদ্ধি পাইছে । ই-চিগাৰেটৰ পৰা নিৰ্গমন সাধাৰণ বায়ুতকৈ পৃথক নহয় । ভেপিং সম্পৰ্কে সজাগতা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ, কিয়নো বিশ্ব স্বাস্থ্য সংস্থাৰ মতে 80,000-ৰো অধিক যুৱক-যুৱতী ধঁপাতৰ প্ৰতি আসক্ত হৈ পৰিছে ।
বিশ্ব ভেপ দিৱসৰ ইতিহাস
বিশ্ব ভেপ দিৱস হৈছে এক বাৰ্ষিক অনুষ্ঠান । ইয়াক প্ৰথমবাৰৰ বাবে ২০১২ চনত উদযাপন কৰা হৈছিল । 'ৱৰ্ল্ড ভেপাৰছ এলায়েন্স' (ডব্লিউ ভি এ) হৈছে বিশ্ব ভেপ দিৱস আৰম্ভ কৰা সংগঠন । ডব্লিউ ভি এ হৈছে এক অনা-লাভজনক সংগঠন । ই ভেপাৰসকলৰ অধিকাৰ আৰু ভেপিং সামগ্ৰীৰ নিয়ন্ত্ৰণৰ হৈ কাম কৰে ।
ডব্লিউ ভি এয়ে ৩০ মে'ক বিশ্ব ভেপ দিৱসৰ তাৰিখ হিচাপে বাছনি কৰাৰ কাৰণ হৈছে এই দিনটো হৈছে বিশ্ব ধঁপাতবিৰোধী দিৱসৰ আগৰ দিন । বিশ্ব ধঁপাতবিৰোধী দিৱস হৈছে এক বাৰ্ষিক অনুষ্ঠান আৰু ইয়াক ৩১ মে'ত উদযাপন কৰা হয় । এই দিনটো ধঁপাত সেৱনৰ বিপদ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু মানুহক ধূমপান ত্যাগ কৰিবলৈ উৎসাহিত কৰাৰ বাবে উৎসৰ্গিত ।
ডব্লিউ ভি এয়ে মানুহক বিশ্ব ভেপ দিৱস উদযাপন কৰাত সহায় কৰিবলৈ সম্পদ আৰু সমৰ্থন প্ৰদান কৰে । বিশ্ব ভেপ দিৱস ভেপিং সম্প্ৰদায়ৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান । এই দিনটো হৈছে ভেপিঙৰ সম্ভাৱ্য লাভালাভৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু ধূমপান কৰাসকলক ইয়াক ত্যাগ কৰাত সহায় কৰাৰ উপায় হিচাপে ভেপিঙৰ সফলতা উদযাপন কৰাৰ এক সুযোগ ।