ইন্টাৰনেশ্যনেল ডেস্ক, 24 জানুৱাৰী :দেশৰ প্ৰতিটো প্ৰান্তত ৰাম নামেৰে মুখৰিত ৷ 21 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল ৷ কিন্তু একাংশ পশ্চিমীয়া সংবাদমাধ্যমত ৰাম মন্দিৰ সন্দৰ্ভত ভুলকৈ বাতৰি প্ৰকাশ কৰাক লৈ বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে,এ বি চি, বি বি চি, চি এন এন, এম এছ এন বি চিৰ দৰে একাংশ সংবাদ মাধ্যমে ভগ্ন মছজিদৰ ওপৰত মন্দিৰ নিৰ্মাণ কৰা হৈছে বুলি বাতৰি প্ৰকাশ কৰিছে ৷ উক্ত বাতৰিৰ জৰিয়তে হিংসা বিয়পাব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে আমেৰিকা, কানাডা আৰু অষ্ট্ৰেলিয়া দেশৰ বিশ্ব হিন্দু পৰিষদে ৷
শীঘ্ৰে তেনে বাতৰি আঁতৰাবলৈ দাবী জনাই বিশ্ব হিন্দু পৰিষদে এক বিবৃতিৰ জৰিয়তে কয়, মিছা আৰু পক্ষপাতমূলক বাতৰিৰ জৰিয়তে শান্তি প্ৰিয় মানুহৰ মাজত হিংসাৰ ভাব বিয়পাব ৷ এনে ধৰণৰ কাৰ্য দায়িত্বহীন সাংবাদিকতাৰ সমান, যাক সমাধান কৰিব লাগিব ৷ সমগ্ৰ বিশ্বৰ হিন্দু সম্প্ৰদায় হৈছে এক শান্তিপ্ৰেমী, প্ৰগতিশীল যি বাসুধৈৱ কুটুম্বুকামৰ অৰ্থাৎ পৃথিৱীখন এটা পৰিয়াল হিচাপে বিশ্বাস কৰে ।
হিন্দু কানাডিয়ান সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা বিয়পাবলৈ এনে বিভ্ৰান্তিকৰ আৰু ভুলকৈ বাতৰি প্ৰকাশ কৰিছে ৷ এনে সাংবাদিকতাই দেশখনত শান্তিপূৰ্ণ কানাডিয়ান সমাজৰ ভিতৰত শান্তি বিঘ্নিত কৰাৰ ভাবুকি হৈ পৰিছে ৷