ৱাশ্বিংটন :বিশ্বৰ বিভিন্ন দেশত ভাৰতীয় তথা ভাৰতীয়মূলৰ ব্যক্তিৰ দপদপনি অব্যাহত আছে । ইতিমধ্যে বহু দেশৰ চৰকাৰ তথা প্ৰশাসন, বিশ্বৰ প্ৰভাৱশালী প্ৰতিষ্ঠান, উদ্যোগ আদি বিভিন্ন ক্ষেত্ৰত উচ্চ আসনত বহি আছে ভাৰতীয় আৰু ভাৰতীয়মূলৰ ব্যক্তি । এইবাৰ আন এগৰাকী ভাৰতীয়মূলৰ ব্যক্তিক দিয়া হৈছে অতি গুৰুত্বপূৰ্ণ দায়িত্ব ।
ফেডাৰেল ব্যুৰ' অফ ইনভেষ্টিগেচন যাক এফবিআই (FBI) বুলি জনা যায়, তাৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছে ভাৰতীয়মূলৰ কাশ্যপ প্ৰমোদ বিনোদ পেটেলক । ৰাষ্ট্ৰপতিৰ সহায়ক তথা হোৱাইট হাউচৰ ডেপুটি চীফ অব ষ্টাফ ডেন স্কেভিনোৱে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে ।
বৃহস্পতিবাৰে তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এফবিআইৰ (FBI) নৱম সঞ্চালক হিচাপে কাশ পেটেলক নিযুক্তিৰ আনুষ্ঠানিকভাৱে আয়োগত স্বাক্ষৰ কৰিছে । স্কেভিনোৱে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে ওভাল অফিচত এক অনুষ্ঠানত পেটেলৰ নিযুক্তিত স্বাক্ষৰ কৰে ।
Xৰ এটা পোষ্ট শ্বেয়াৰ কৰি ৰাষ্ট্ৰপতিৰ সহায়ক ডেন স্কেভিনোৱে লিখিছে, "কিছু মুহূৰ্তৰ পূৰ্বে ওভাল অফিচত । ফেডাৰেল ব্যুৰ' অফ ইনভেষ্টিগেচনৰ নৱম সঞ্চালক কাশ পেটেলক অভিনন্দন ।" তেওঁ লগতে কয়, "ৰাষ্ট্ৰপতি ট্ৰাম্পে আনুষ্ঠানিকভাৱে আয়োগত স্বাক্ষৰ কৰিছে । কাশক তেওঁৰ নতুন এক্স একাউণ্টত ফলো কৰক: @FBIDirectorKash ।"
- হোৱাইট হাউচৰ আদৰণি