টেল আভিভ : ইজৰাইল চৰকাৰে হামাছৰ সৈতে যুদ্ধবিৰতি আৰু পণবন্দী মুক্তি চুক্তিত অনুমোদন জনাইছে । টাইমছ অব ইজৰাইলৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ । কেবিনেটত 24-8 ভোটৰ ব্যৱধানত চুক্তিখন অনুমোদিত হয় । এতিয়া দেওবাৰে এই চুক্তি কাৰ্যকৰী হ'বলৈ সাজু হৈছে । শনিবাৰে পুৱাৰভাগতে চুক্তিখন কেবিনেটত অনুমোদিত হয় ।
উল্লেখ্য যে এই চুক্তিখনৰ উদ্দেশ্য হৈছে গাজাত যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায় আৰম্ভ কৰা । এই চুক্তিয়ে ইজৰাইলী পণবন্দী আৰু পেলেষ্টাইনী বন্দী দুয়োকে মুক্তি দিয়াত সহায় কৰিব । টাইমছ অব ইজৰাইলে লগতে প্ৰকাশ কৰিছে যে চৰকাৰে চুক্তিখনত অনুমোদন জনোৱাৰ ক্ষেত্ৰত চুক্তিৰ বিৰোধীসকলে পেলেষ্টাইনী নিৰাপত্তা বন্দীসকলৰ মুক্তিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰে । কিন্তু আদালতে ইয়াত হস্তক্ষেপ কৰাৰ সম্ভাৱনা নাই ।
শুকুৰবাৰে ইজৰাইলৰ নিৰাপত্তা কেবিনেটে হামাছৰ সৈতে বন্দী মুক্তি-যুদ্ধবিৰতি চুক্তিত অনুমোদন জনায় আৰু ইয়াক গ্ৰহণ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিয়ে । ইফালে ইজৰাইল চৰকাৰৰ বন্দী আৰু নিৰুদ্দিষ্ট ব্যক্তি সমন্বয় গোটে গাজা যুদ্ধবিৰতি চুক্তিৰ প্ৰথম পৰ্যায়ত মুক্তি পাব বুলি আশা কৰা ৩৩ গৰাকী ইজৰাইলী পণবন্দী পৰিয়ালক শুকুৰবাৰে অৱগত কৰে ।
অৱশ্যে ইজৰাইলক এইটো কোৱা হোৱা নাই যে মুক্তি দিবলগীয়া ৩৩ গৰাকী বন্দীৰ ভিতৰত কিমানগৰাকী জীয়াই আছে । কিন্তু ইজৰাইলে আশা কৰিছে যে সংখ্যাগৰিষ্ঠ লোক জীয়াই আছে । আনহাতে, যুদ্ধবিৰতিৰ সাত দিনৰ ভিতৰত ইজৰাইলে নিৰুদ্দিষ্ট বা বন্দী তালিকাত থকা লোকসকলৰ সম্পূৰ্ণ স্থিতি প্ৰতিবেদন লাভ কৰিব ।
অৱশ্যে মুক্তিৰ আদেশ সন্দৰ্ভত এতিয়াও জানিব পৰা হোৱা নাই । টাইমছ অব ইজৰাইলৰ বাতৰি অনুসৰি, প্ৰত্যেকগৰাকী বন্দীৰ মুক্তিৰ 24 ঘণ্টা পূৰ্বে তেওঁলোকৰ পৰিচয় প্ৰদান কৰা হ'ব বুলি আশা কৰা হৈছে ।
ইফালে ইজৰাইলে কয় যে প্ৰথম পৰ্যায়ত ৩৩ গৰাকী বন্দীক মুক্তিৰ বাবে নিৰ্ধাৰণ কৰাৰ উপৰি বৰ্তমান গাজাত আৰু ৬৫ গৰাকী ব্যক্তি পণবন্দী হৈ আছে । ইয়াৰে ভিতৰত কমেও ৩৬ গৰাকীৰ মৃত্যু নিশ্চিত কৰা হৈছে । এতিয়া চুক্তি ৰূপায়ণৰ প্ৰথম পৰ্যায় আগবাঢ়ি অহাৰ লগে লগে পৰৱৰ্তী আলোচনাত অৱশিষ্ট বন্দীসকলক মুক্তি দিয়া, যুদ্ধৰ সমাপ্তি আৰু গাজাৰ ভৱিষ্যত পুনৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হ'ব ।
উল্লেখ্য যে নেতান্যাহুৰ অতি সোঁপন্থী মিত্ৰজোঁটৰ মিত্ৰশক্তিয়ে তেওঁক এই যুদ্ধৰ অন্ত পেলাবলৈ সন্মত নহ'বলৈ হেঁচা প্ৰয়োগ কৰিছে । কিয়নো বাকী ৬৫ গৰাকী বন্দীৰ পৰিয়ালে দ্বিতীয় পৰ্যায় কেতিয়াও কাৰ্যকৰী নহ'ব বুলি আশংকা কৰিছে । যাৰ ফলত তেওঁলোকৰ প্ৰিয়জন সন্ত্ৰাসবাদী সংগঠনটোৰ হাততে থাকি যাব পাৰে ।
উল্লেখ্য যে চুক্তিৰ চূড়ান্ত বাধাবোৰ আঁতৰ কৰাৰ পিছত ইজৰাইল আৰু হামাছৰ আলোচনাকাৰী দলে শুকুৰবাৰে আৰম্ভণিতে ডোহাত এই চুক্তি স্বাক্ষৰ কৰে । আনহাতে, আলোচনাত প্ৰধান মধ্যস্থতাকাৰী আমেৰিকা আৰু কাটাৰ দুয়োপক্ষই বুধবাৰে ঘোষণা কৰে যে হামাছৰ ২০২৩ চনৰ ৭ অক্টোবৰ তাৰিখে সংঘটিত আক্ৰমণৰ ফলত গাজাত ১৫ মাহ ধৰি চলি থকা যুদ্ধৰ সমাপ্তিৰ বাবে এক চুক্তি প্ৰস্তুত কৰা হৈছে । এই যুদ্ধৰ ফলত ১২০০ ৰো অধিক নাগৰিক নিহত হৈছে আৰু ২৫০ জনৰো অধিক লোকক বন্দী কৰি ৰখা হৈছে । ইয়াৰে ভিতৰত প্ৰায় ১০০ জন এতিয়াও বন্দী হৈ আছে ।
আনহাতে, হামাছৰ আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ইজৰাইলে গাজা ষ্ট্ৰিপত হামাছক লক্ষ্য কৰি এক বৃহৎ প্ৰত্যাক্ৰমণ আৰম্ভ কৰে । অৱশ্যে এই প্ৰত্যাক্ৰমণত সৰ্বাধিকসংখ্যক অসামৰিক লোক হত্যাৰ বলি হোৱাৰ পৰিপ্ৰেক্ষিতত ইজৰাইল কেইবাটাও মানৱতাবাদী গোটৰ সমালোচনাৰ সন্মুখীন হয় । গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, গাজাত ৪৫,০০০ ৰো অধিক লোক নিহত হৈছে । ইয়াৰে অৰ্ধেক সংখ্যকেই মহিলা আৰু শিশু ।