অসম

assam

ETV Bharat / international

শিশুৰ বেদনা আৰু আক্ৰমণৰ বলি হোৱা নিৰীহ শিশুৰ আন্তৰ্জাতিক দিৱস - Day of Innocent Children Victims

International Day of Innocent Children Victims : আক্ৰমণৰ বলি হোৱা নিৰীহ শিশুৰ আন্তৰ্জাতিক দিৱস প্ৰতি বছৰে ৪ জুনত পালন কৰা হয় । যিকোনো ধৰণৰ সশস্ত্ৰ সংঘৰ্ষৰ সময়ত সমগ্ৰ বিশ্বৰ শিশুসকল আটাইতকৈ বেছি অসুৰক্ষিত আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় । কেইবাখনো দেশৰ শিশুৱে যুদ্ধ আৰু অন্যান্য অস্ত্ৰজনিত সংঘৰ্ষৰ ভুক্তভোগী । ই তেওঁলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত আটাইতকৈ বেয়া প্ৰভাৱ পেলায় ।

International Day of Innocent Children Victims
আক্ৰমণৰ বলি হোৱা নিৰীহ শিশুৰ আন্তৰ্জাতিক দিৱস (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 11:52 PM IST

বিশেষ প্ৰতিবেদন, ৪ জুন :প্ৰতি বছৰে ৪ জুনত আক্ৰমণৰ বলি হোৱা নিৰীহ শিশুৰ আন্তৰ্জাতিক দিৱস পালন কৰা হয় । এই দিৱসটো পোন প্ৰথমবাৰৰ বাবে ১৯৮২ চনত পালন কৰা হৈছিল । যিকোনো ধৰণৰ সশস্ত্ৰ সংঘৰ্ষৰ সময়ত সমগ্ৰ বিশ্বৰ শিশুসকল আটাইতকৈ বেছি অসুৰক্ষিত হৈ পৰে । আনহাতে, ইয়াৰ প্ৰভাৱত তেওঁলোক যন্ত্ৰণা আৰু শাৰীৰিক, মানসিক তথা আৱেগিক আঘাতৰ দ্বাৰা আটাইতকৈ বেছি ভুক্তভোগী হয় । লগতে ই তেওঁলোকৰ সামগ্ৰিক বিকাশ আৰু ভৱিষ্যতকো বেয়াকৈ প্ৰভাৱিত কৰে ।

চলিত বছৰৰ এপ্ৰিল মাহত ইৰাকত শিশু আৰু সশস্ত্ৰ সংঘৰ্ষ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ এক নতুন প্ৰতিবেদন ইয়াৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা হৈছে । তাত কোৱা হৈছে, "ইৰাকৰ শিশুসকলে গুৰুতৰ উলংঘনৰ সন্মুখীন হৈ আছে । কিন্তু শিশুৰ সুৰক্ষাৰ বাবে শেহতীয়া যি ঘটনাক্ৰম, ই এক উজ্জ্বল ভৱিষ্যতৰ আশাৰ ৰেঙনি প্ৰদান কৰিছে ।"

উল্লেখ্য যে কেইবাখনো দেশৰ শিশু যুদ্ধ আৰু অন্যান্য সশস্ত্ৰ সংঘৰ্ষৰ ভুক্তভোগী হৈছে । ই তেওঁলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত আটাইতকৈ বেয়া প্ৰভাৱ পেলাইছে ।

"অৱশ্যে এই সংখ্যাটো ভয়ানক আৰু উদ্বেগজনক যেন লাগিলেও এই সত্যটো অস্বীকাৰ কৰিব নোৱাৰি যে বিগত দশকত ভাৰতে শিশুৰ অধিকাৰৰ বিষয়বোৰৰ সৈতে যথেষ্ট মোকাবিলা কৰিছে । যাৰ ফলত এই বিষয়টোত যথেষ্ট আলোচনা হৈছে আৰু গতি প্ৰদান কৰিছে । কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ দ্বাৰা তৎক্ষণাৎ আৰু সঘনাই হস্তক্ষেপ কৰাটোৱে চোৰাং ব্যৱসায়ী আৰু উৎপীড়নক নাকী লগাইছে আৰু শিশুৰ অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ ব্যৱস্থাটো সঠিক দিশত এক পদক্ষেপ ।" 'বচপন বচাও আন্দোলন'ৰ সঞ্চালক মণীষ শৰ্মাই কয় ।

শৰ্মাই লগতে কয়, "প্ৰতিবেদিত ঘটনাৰ সংখ্যা দৃশ্যমানভাৱে বৃদ্ধি হোৱাটোও এক আশাব্যঞ্জক বিকাশ । কিন্তু ইয়াৰ প্ৰত্যাহ্বান যথেষ্ট আৰু আমি ইয়াতেই আত্মসন্তুষ্টি লভিব নোৱাৰো । আমাৰ ল'ৰা-ছোৱালীবোৰ যাতে এক সুৰক্ষিত, সমৃদ্ধিশালী আৰু ন্যায়সঙ্গত পৰিৱেশত থাকে, য'ত তেওঁলোকে উন্নয়ন আৰু বিকাশ কৰিব পাৰে, সেইটো নিশ্চিত কৰিবলৈ আমি আমাৰ ৰণনীতি আৰু প্ৰচেষ্টা নিৰন্তৰ বৃদ্ধি কৰিব লাগিব । আনকি বৰ্তমান আমি এই বিষয়ে আলোচনা কৰি থকাৰ সময়তো দেশৰ কিছুমান ঠাইত বহু শিশুক উৎপীড়ন আৰু শোষণ কৰা হৈ আছে আৰু ইয়াক বন্ধ কৰাটো প্ৰয়োজন ।"

ৰাছিয়া-ইউক্ৰেইন আৰু গাজাৰ দৰে যুদ্ধ ক্ষেত্ৰৰ দেশত বাস কৰা শিশুসকলে মানসিক চাপৰ সন্মুখীন হয় । ফুলকুমলীয়া বয়সতে শিশুসকলে ভয়ংকৰ অভিজ্ঞতাৰ সন্মুখীন হ'বলগা হয় । যুদ্ধৰ কাৰণে তেওঁলোকে নিজৰ ঘৰৰ পৰা মুক্তভাৱে বাহিৰ ওলাব নোৱাৰে । যুদ্ধৰ প্ৰভাৱবোৰে শিশুৰ সমগ্ৰ জীৱনতে আঁচোৰ পেলায় । কেতিয়াবা তেওঁলোক অনাথ হয় বা তেওঁলোক নিজৰ পৰিয়ালৰ সদস্যৰ পৰা পৃথক হয় ।

আনহাতে, যুদ্ধ পৰৱৰ্তী সময়ত শিশুৰ আঘাতৰ বিষয়ে ব্যাখ্যা আগবঢ়াই দিল্লী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপক নবীন কুমাৰে কয়, "যুদ্ধ ক্ষেত্ৰত জন্মগ্ৰহণ কৰা বা বাস কৰা শিশুসকলে দীৰ্ঘদিনীয়া মানসিক আঘাত, আৱেগিক আৰু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হয় । যুদ্ধৰ সময়ত শিশুৱে প্ৰত্যক্ষ কৰা অপ্ৰীতিকৰ পৰিৱেশে তেওঁলোকৰ মানসিক বিকাশত নেতিবাচক প্ৰভাৱ পেলায় ।"

লগতে পঢ়ক :বিশ্ব প্ৰবাল প্ৰাচীৰ সজাগতা দিৱস: প্ৰবাল প্ৰাচীৰৰ সুৰক্ষাৰ বাবে দৃষ্টি আকৰ্ষণৰ প্ৰয়াস - World Reef Awareness Day

ABOUT THE AUTHOR

...view details