নিউজ ডেস্ক, ৮ অক্টোবৰ :২০২৩ চনৰ ৭ অক্টোবৰ । এই দিনটোৰ পৰাই সূত্ৰপাত হৈছিল গাজাত এবছৰ ধৰি চলি থকা বিধ্বংসী যুদ্ধৰ । ইজৰাইলৰ ওপৰত সংঘটিত হামাছৰ অভূতপূৰ্ব আক্ৰমণৰ পৰাই এই ধ্বংসলীলা আৰম্ভ হয় । এতিয়া এই দিনটোৰ স্মৃতি আৰু পৰৱৰ্তী সময়ত সংঘটিত ঘটনাৱলী স্মৰণ কৰি সোমবাৰে সমগ্ৰ বিশ্বৰ শোকসন্তপ্ত জনসাধাৰণ আৰু বিশ্ব নেতাসকলে অশ্ৰুসিক্তভাৱে এই ভয়াৱহ স্মৃতি ৰোমন্থন কৰাৰ লগতে শান্তি কামনা কৰে ।
ছিডনীৰ পৰা ৰোম, ৱাৰশ্ব’ৰ পৰা ৱাশ্বিংটনলৈকে জনসাধাৰণে নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে । লগতে এবছৰ পূৰ্বে বন্দী হৈ থকাসকলক মুকলি কৰি দিয়াৰ বাবে আহ্বান জনায় । আনহাতে, এই উপলক্ষে উলিওৱা সমদলসমূহে পেলেষ্টাইনী অঞ্চলত শান্তি স্থাপনৰ বাবেও আহ্বান জনায় ।
ইজৰাইলৰ শেহতীয়া চৰকাৰী পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এ এফ পিৰ এক তালিকা অনুসৰি, হামাছৰ আক্ৰমণত ইজৰাইলৰ ১,২০৬ জন লোক নিহত হয় আৰু ইয়াৰে বেছিভাগেই সাধাৰণ লোক ।
আনহাতে, প্ৰায় ২৫১ গৰাকী লোকক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰি আনি গাজা ষ্ট্ৰিপত বন্দী কৰি ৰাখে । ইয়াৰে ভিতৰত ৯৭ গৰাকীক এতিয়াও উপকূলীয় অঞ্চলত বন্দী কৰি ৰখা হৈছে । ইফালে ইজৰাইলী সামৰিক বাহিনীয়ে প্ৰকাশ কৰা মতে, ৩৪ গৰাকীৰ মৃত্যু হৈছে ।
হামাছ পৰিচালিত গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, যুদ্ধৰ আৰম্ভণিৰ পৰা ৪১,৯০৯ গৰাকী লোক নিহত হৈছে । ইয়াৰে ভিতৰত সংখ্যাগৰিষ্ঠ হৈছে সাধাৰণ নাগৰিক । এই পৰিসংখ্যাবোৰ ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ভৰযোগ্য বুলি গণ্য কৰা হৈছে ।
কোনো সামৰিক সমাধান নাই
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰাৰ্থনা জনোৱাৰ পিছত হোৱাইট হাউছত মমবাতি জ্বলায় ।
হাউছ অব কমন্সত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে পুনৰ কূটনৈতিক প্ৰচেষ্টাৰ আহ্বান জনায় । আনহাতে, বৈদেশিক সচিব ডেভিদ লামিয়ে লণ্ডনৰ এটা উপাসনাস্থলী পৰিদৰ্শন কৰে ।
"অঞ্চলটোৱে এই যন্ত্ৰণাৰ আন এটা বছৰ সহ্য কৰিব নোৱাৰে । সকলো ফালৰ পৰা অসামৰিক লোকসকলে অত্যধিক কষ্ট পাইছে । সকলো পক্ষই এতিয়া যুদ্ধ উন্মাদনাৰ পৰা আঁতৰি আহিব লাগিব আৰু সংযমৰ সাহস দেখুৱাব লাগিব ।" ষ্টাৰমাৰে কয় ।
ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন-নোয়েল বাৰোটে জেৰুজালেমত এখন সন্মিলনত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ এই অনুভূতিকে প্ৰতিধ্বনিত কৰে ।
বাৰোটে দৰ্শকসকলক কয়, "কেৱল বল প্ৰয়োগে ইজৰাইলৰ নিৰাপত্তা, আপোনালোকৰ নিৰাপত্তাৰ নিশ্চয়তা দিব নোৱাৰে । এবছৰৰ যুদ্ধৰ পিছত, এতিয়া কূটনীতিৰ সময় আহি পৰিছে ।"
পেৰিছত ইহুদী সম্প্ৰদায়ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী মিচ্চেল বাৰ্ণিয়াৰে "সকলো ধৰণে ইহুদী-বিৰোধী ধাৰণাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ" প্ৰতিশ্ৰুতি দিয়ে ।
টাউন হলে এ এফ পিক জনোৱা অনুসৰি, পেৰিছে সোমবাৰে স্থানীয় সময় অনুসৰি নিশা ১১.৪৫ বজাত আইফেল টাৱাৰৰ লাইট বন্ধ কৰে ।
ষ্ট্ৰাছবাৰ্গত এম ই পিসকলে এক মিনিট সময় মৌনতা অৱলম্বন কৰে ।
ইউৰোপীয় সংসদৰ অধ্যক্ষ ৰবাৰ্টা মেটছোলাই কয়, "উক্ত দিনটোৰ ভয়াৱহতা কলংকৰে সজীৱ হৈ থাকিব ।"
"এবছৰ পূৰ্বে সংঘটিত নিৰ্বিচাৰ গণহত্যা, ধৰ্ষণ, অপহৰণ আৰু অত্যাচাৰক কেতিয়াও ন্যায়সঙ্গত কৰিব পৰাকৈ একো নাই ।"
জেনেভাত ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূতসকলেও ইজৰাইলী মিছনৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত সমবেত হয় ।
ৰাষ্ট্ৰসংঘত ইজৰাইলৰ ৰাষ্ট্ৰদূত ডেনিয়েল মেৰনে হামাছ সন্দৰ্ভত কয়, "আমি বিচাৰোঁ যে ৰাষ্ট্ৰসংঘই এবাৰৰ বাবে স্পষ্ট কণ্ঠৰে মাত মাতক আৰু কোনে এই যুদ্ধ আৰম্ভ কৰিছিল সেয়া কওক ।"
জাৰ্মান চেন্সেলৰ অ'লাফ শ্চোলজে হামবাৰ্গত এক অনুষ্ঠানত এনেদৰে কয় : "আমি এতিয়াও হতবাক হৈ আছোঁ ।" লগতে তেওঁ কয়, "শীঘ্ৰেই যুদ্ধবিৰতিৰ আহ্বান জনাইছোঁ, যিটো বন্দীসকলৰ মুক্তিৰ সৈতে সম্পৰ্কিত হৈ আছে ।"