ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ মাৰ্চ :হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ অভিযান অব্যাহত আছে । ইজৰাইলী সেনাই দেওবাৰে পুৱা পুনৰ গাজা ষ্ট্ৰিপত অভিযান চলায় । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা মতে স্নাইপাৰ, শ্বেল আৰু আকাশী আক্ৰমণৰ ফলত গাজাত প্ৰায় ১৮ সন্ত্ৰাসবাদী নিহত হয় । প্ৰতিৰক্ষা বাহিনীৰ মতে সেনাবাহিনীৰ সমীপতে সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইকৰ নিৰ্দেশ দিয়া হৈছিল । য'ত ৪ সন্ত্ৰাসবাদী নিহত হয় ।
ইয়াৰ উপৰিও, স্থল বাহিনীয়ে হামাছৰ এক গোপন স্থানত প্ৰৱেশ কৰি ৩ সন্ত্ৰাসবাদীক লক্ষ্য কৰি লয় । একেদৰে ইজৰাইলী বিমানে সন্ত্ৰাসবাদীক লক্ষ্য কৰি আক্ৰমণ কৰে য'ত আন এটা সন্ত্ৰাসবাদী নিহত হয় । সমান্তৰালকৈ খান য়ুনিছত সেনা বাহিনীয়ে মটৰ চাইকেলত সামৰিক সঁজুলি লোড কৰা দুই সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে । ইজৰাইলী বিমানৰ আক্ৰমণত সেনাৰ ফালে আগবাঢ়ি আহি থকা আন দুই সন্ত্ৰাসবাদীও নিহত হয় ।