সোমবাৰে জিৰ’ধাৰ(Zerodha) প্ৰতিষ্ঠাপক নীতিন কামথে এক্স-পোষ্টত প্ৰকাশ কৰে যে ছয় সপ্তাহ পূৰ্বে তেওঁৰ ‘মাইল্ড ষ্ট্ৰ’ক’ হৈছিল ৷ পোষ্টটোৰ সমান্তৰালকৈ তেওঁ হাস্পতালৰ বিচনাত পৰি থকা ফটো এখনো শ্বেয়াৰ কৰিছে ৷ তেওঁ কয় যে, ষ্ট্ৰোকটো হয়তো তেওঁৰ পিতৃৰ মৃত্যুৰ বাবেই হৈছে আৰু সম্পূৰ্ণ সুস্থ হ’বলৈ তিনি-ছমাহ সময় লাগিব ৷ প্ৰায় ৬ সপ্তাহ আগতে হঠাতে মোৰ মৃদু ষ্ট্ৰোক হৈছিল ৷ পিতৃৰ মৃত্যু, বেয়া টোপনি, ভাগৰুৱা, ডিহাইড্ৰেচন আৰু অতিৰিক্ত কাম এই সম্ভাব্য কাৰণসমূহৰ যিকোনো এটা হ’ব পাৰে বুলি তেওঁ জানিবলৈ দিয়ে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক মিনি ষ্ট্ৰোক কি তথা ইয়াৰ সৈতে কিছুমান জৰুৰী তথ্য ৷
মিনি ষ্ট্ৰ’ক কি ?
ষ্ট্ৰোক এটি বিপদজনক ৰোগ বুলি সকলোৱে জানে, কিন্তু মিনি ষ্ট্ৰোকৰ কথা কেতিয়াবা আপুনি শুনিছেনে ? সহজ ভাষাত মিনি ষ্ট্ৰোক মানে পক্ষাঘাত (Paralysis)৷ ষ্ট্ৰোক হৈছে এনে এক সম্ভাব্য মাৰাত্মক অৱস্থা, য’ত মগজুলৈ ৰক্ত সঞ্চালন হঠাৎ বন্ধ হৈ যায়, যাৰ ফলত মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায় ৷ যদিও কিছু সময়ৰ বাবে এনেকুৱা হয় ৷ এই সময়ছোৱাত ব্যক্তিজনে খোজ কঢ়া বা লৰচৰ কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে, মুখখন বেঁকা হৈ পৰিব পাৰে আৰু হাত-ভৰি দুৰ্বল হ’ব পাৰে ৷ এনে পৰিস্থিতিত যদি আপোনাৰ এই সমস্যাবোৰ কিছু সময়ৰ পিছত সমাধান হয় তেন্তে ই মিনি ষ্ট্ৰ’ক হ’ব পাৰে ৷
মিনি ষ্ট্ৰোকৰ লক্ষণসমূহ কি কি ?