শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত মহাৰাষ্ট্ৰত সংঘটিত হয় এটি ঘটনা ৷ নৱী মুম্বাইৰ অটল সেতুৰ পৰা জপিওৱাৰ চেষ্টা চলাইছিল এগৰাকী মহিলাই ৷ আত্মহত্যাৰ চেষ্টা চলোৱা মহিলাগৰাকীক কেব চালক আৰু যান-বাহন আৰক্ষীয়ে একেলগে মিলি কথমপি প্ৰাণ ৰক্ষা কৰে ৷ মহিলাগৰাকীৰ বয়স প্ৰায় ৫৬ বছৰ বুলি জানিব পৰা গৈছে ৷ ভিডিঅ’টোত দেখা গৈছে যে কেব চালকে কেনেকৈ খৰধৰকৈ মহিলাগৰাকীৰ চুলিত ধৰিলে, একে সময়তে আৰক্ষীয়ে ৰেলিঙৰ ওপৰেৰে উঠি মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা কৰাৰ আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷ শেহতীয়াকৈ দেশত প্ৰায়ে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে ৷ সেয়ে ইয়াক কেনেকৈ ৰখাব পাৰি সেয়ে বিষয়ে গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন ৷
আত্মহত্যাৰ ঘটনা কেনেকৈ ৰোধ কৰিব পাৰি ?
আত্মহত্যা এক গুৰুতৰ সামাজিক আৰু মানসিক স্বাস্থ্যজনিত সমস্যা, যিটো আমাৰ সমাজত দিনক দিনে বৃদ্ধি পাইছে ৷ ইয়াক ৰোধ কৰিবলৈ আমি আমাৰ চৌপাশৰ মানুহৰ মানসিক অৱস্থা বুজিবলৈ আৰু তেওঁলোকক সহায় কৰিবলৈ সাজু হোৱা উচিত ৷ আপুনি আপোনাৰ চৌপাশে আত্মহত্যা ৰোধ কৰিবলৈ কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব পাৰে ৷
১/ সজাগ হৈ থাকক
প্ৰথমে আমি আমাৰ চৌপাশৰ মানুহৰ আচৰণ আৰু মুখৰ ভাবলৈ গুৰুত্ব দিয়া উচিত ৷ যদি কোনো ব্যক্তিক দুখী, হতাশ বা মানসিক চাপত থকা যেন আপুনি প্ৰত্যক্ষ কৰে, তেন্তে তেওঁৰ অনুভৱক আওকাণ নকৰিব ৷ তেওঁৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰক আৰু তেওঁক কথা পতাৰ সুযোগ দিয়ক ৷ যদি কোনো ব্যক্তিয়ে জীৱনৰ প্ৰতি হতাশ হৈ আত্মহত্যাৰ সিদ্ধান্ত ল’বলৈ গৈ আছে, তেন্তে ইয়াক গুৰুত্বসহকাৰে লওক ৷ তেওঁ কোৱা কথাবোৰ ভালদৰে শুনিব আৰু তেওঁক সমৰ্থন কৰিবলৈ চেষ্টা কৰক ৷
২/ কথা-বতৰাৰ আৰম্ভণি কৰা
আত্মহত্যাৰ কথা ভাবি থকা ব্যক্তিৰ লগত কথা পতাটো জৰুৰী ৷ তেওঁক পোনপটীয়াকৈ সুধিব যে তেওঁ আত্মহত্যাৰ কথা ভাবিছে নেকি ? এই প্ৰশ্ন কৰিবলৈ আপুনি কোনো ধৰণৰ ভয়-সংকোচ নকৰিব; এনে ধৰণৰ কথা-বতৰা পাতিলে ব্যক্তিগৰাকীয়ে অনুভৱ কৰিব পাৰে যে তেওঁৰ অনুভৱবোৰ বুজিবলৈ চেষ্টা কৰা হৈছে ৷ তেওঁক জনাওক যে তেওঁ অকলশৰীয়া নহয় আৰু তেওঁৰ সমস্যা সমাধান হ’ব পাৰে ৷