সমগ্ৰ বিশ্বতে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাবলৈ ধৰিছে । বিগত ৪৫ বছৰত পৰিসংখ্যা আধাতকৈও অধিক হ্ৰাস পাইছে । বিশেষজ্ঞসকলৰ মতে, ইয়াৰ প্ৰভাৱ ভাৰতৰ পুৰুষৰ ওপৰতে বেছিকৈ পৰিছে । ‘Human Reproduction Update’ জাৰ্নেলৰ প্ৰতিবেদনত কোৱা হৈছে যে ১৯৭৩ চনৰ পৰা শুক্ৰাণুৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে । যাৰ বাবে বন্ধ্যাত্বৰ সমস্যা তেনেই সাধাৰণ হৈ পৰিছে । বিজ্ঞানীসকলৰ মতে, আগন্তুক সময়ত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাব পাৰে, যিটো এক চিন্তনীয় বিষয় । এনে পৰিস্থিতিত আপোনাৰ শুক্ৰাণুৰ সংখ্যা কিমান হ’ব লাগে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-
শুক্ৰাণুৰ সংখ্যা কিয় কমি আহিছে ?
- অন্তঃস্ৰাৱী বিঘ্নিতকাৰী ৰাসায়নিক পদাৰ্থ(Endocrine disrupting chemicals) খাদ্য আৰু বায়ুৰ জৰিয়তে শৰীৰত লাহে লাহে প্ৰৱেশ কৰিবলৈ ধৰিছে, যাৰ ফলত আন হৰম’নবোৰো প্ৰভাৱিত হয় ।
- প্ৰদূষণৰ বাবে পুৰুষৰ শুক্ৰাণুৰ সংখ্যাও দিনক দিনে কমি আহিছে ।
- অত্যধিক ধূমপান আৰু মদ্যপানেও শুক্ৰাণুৰ সংখ্যাত প্ৰভাৱ পেলাব পাৰে ।
- মেদবহুলতা আৰু মাদক দ্ৰব্য সেৱনৰ অভ্যাসৰ ফলতো শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাব পাৰে ।
- পুৰুষৰ যৌন হৰম’নত টেষ্টষ্টেৰনৰ ভাৰসাম্যহীনতাই শুক্ৰাণুৰ সংখ্যাও হ্ৰাস কৰে ।
- শুক্ৰাণুৰ লগত জড়িত জিনীয় ৰোগ, ব্যক্তিগত অংগত সংক্ৰমণ আৰু যৌন ৰোগ গনোৰিয়া আদিৰ বাবে শুক্ৰাণুৰ সংখ্যা কম হোৱাৰ আশংকা থাকে ।
শুক্ৰাণুৰ সংখ্যা কম কেনেকৈ ধৰা পৰে ?