গৰম যিমানেই বাঢ়িছে, সিমানেই মানুহ এ চিৰ প্ৰতি আসক্ত হৈ পৰিছে ৷ আমাৰ অধিকাংশ লোকেই অফিচেই হওঁক বা ঘৰতেই হওঁক এ চি ৰূমত বহি খুব আৰাম অনুভৱ কৰে ৷ কিন্তু প্ৰকৃততে এ চিৰ আৰাম লোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক ৷ হয়, এ চিয়ে যিদৰে আমাক গৰমক পৰা সকাহ দিয়ে, সেইদৰেই আমাৰ স্বাস্থ্যৰো বহু ক্ষতি কৰে ৷ আমাৰ স্বাস্থ্যক এচিয়ে কিদৰে প্ৰভাৱ বিস্তাৰ কৰে, জানো আহক-
ডিহাইড্ৰেচন
দীঘলীয়া সময় এ চিত থাকিলে ডিহাইড্ৰেচনৰ সমস্যা হ'ব পাৰে ৷ কিয়নো এ চিয়ে আমাৰ শৰীৰৰ আৰ্দ্ৰতা শোষণ কৰে আৰু ইয়াৰ ফলত শৰীৰত পানীৰ অভাৱ হয় ৷ যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
শুকান ছাল
এ চিত দীঘলীয়া সময় থকাৰ ফলত ছাল শুকান হৈ পৰে ৷ সেয়েহে, এ চিত থাকিলে আপুনি পৰ্যাপ্ত পানী খাই নিজকে হাইড্ৰেটেড কৰি ৰাখিব ৷