অসম

assam

ETV Bharat / health

আপুনি হয়তো পূৰ্বে কেতিয়াও শুনা নাই নহৰু দিয়া চাহৰ এই আচৰিত গুণসমূহ - Garlic Tea - GARLIC TEA

Garlic Tea Benefits: ভাৰতত নহৰু দিয়া চাহ খোৱাটো ইমান সাধাৰণ কথা নহয়, কিন্তু যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে এবাৰ জানি লয় তেন্তে আপুনি নিশ্চিতভাৱে প্ৰতিদিনে পুৱা এই চাহ খাব । এই চাহ ঘৰতে প্ৰস্তুত কৰাৰ পদ্ধতি তথা উপকাৰিতা জানি লওক-

The anti-viral properties present in garlic tea will eliminate these diseases
আপুনি হয়তো পূৰ্বে কেতিয়াও শুনা নাই নহৰু দিয়া চাহৰ এই আচৰিত গুণসমূহ (ETV Bharat)

By ETV Bharat Health Team

Published : Sep 10, 2024, 12:30 PM IST

এতিয়ালৈকে আপুনি হয়তো আদা দিয়া বা আন ধৰণৰ চাহ খাইছিল, কিন্তু আজি আমি আপোনালোকক ক’বলৈ ওলাইছো নহৰু দিয়া চাহৰ আচৰিত উপকাৰিতাৰ বিষয়ে ৷ নহৰু দিয়া চাহ খালে বহু উপকাৰিতা পাব পাৰি ৷ এই চাহে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণৰ কাম কৰে ৷ ইয়াৰ উপৰিও বহুতো ইয়াৰ এনে বহু উপকাৰিতা আছে যিবোৰৰ বিষয়ে আপুনি হয়তো জ্ঞাত নহয় ৷ আজি আমি সেই উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম ৷

নহৰু দিয়া চাহ খোৱাৰ ৭টা উপকাৰিতা

ডায়েটিচিয়ান আয়ুষী যাদৱে জনোৱা মতে, নহৰুৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণ আছে ৷ ইচ্ছা কৰিলে নহৰু দিয়া চাহত আদা আৰু দালচেনিও আপুন দিব পাৰে ৷ যাতে স্বাস্থ্য উপকাৰিতা দুগুণ বৃদ্ধি হ’ব পাৰে আৰু চাহৰ সোৱাদো বৃদ্ধি কৰিব পাৰে ৷

১)ডায়েবেটিছ ৰোগীৰ বাবে নহৰু দিয়া চাহ অতি উপকাৰী ৷ ইয়াৰ ফলত শৰীৰত তেজত শৰ্কৰাৰ মাত্ৰাও হ্ৰাস পায় ৷ বিপাকীয় অৱস্থাতো ই সহায় কৰে ৷

২) নহৰু চাহ সেৱন কৰিলে শৰীৰৰ পৰা দূষিত পদাৰ্থসমূহ আঁতৰাব পাৰি ৷

৩)নহৰু চাহ খালে ওজন কমোৱাত সহায় হয় ৷ এই চাহে আপোনাৰ শৰীৰৰ বেছিভাগ অংশতে চৰ্বি দ্ৰৱীভূত কৰাৰ কাম কৰে ৷ ইয়াত বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰা গুণ পোৱা যায়, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে ৷

৪)নহৰু চাহে হৃদযন্ত্ৰৰ স্বাস্থ্যও উন্নত কৰিব পাৰে ৷ ইয়াক সেৱন কৰিলে ৰক্ত সঞ্চালন উন্নত হয়, বেয়া কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস পায় ৷ যাৰ বাবে হৃদৰোগৰ পৰা হাত সাৰিব পাৰি ৷

৫) নহৰু চাহ খালে শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰতিৰোধ কৰিব পাৰি ৷ শীতকালত জ্বৰ আৰু কাহ নিৰাময়ৰ বাবেও ইয়াক সেৱন কৰিব পাৰি ৷

৬) এই চাহ এবিধ শক্তিশালী এন্টিবায়টিক পানীয়, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷

৭) নহৰু চাহ খালে শৰীৰৰ প্ৰদাহ কম কৰাত সহায় কৰে ৷

নহৰু চাহ কেনেকৈ বনাব ?

নহৰু দিয়া চাহ তৈয়াৰ কৰিবৰ বাবে আপুনি প্ৰথমে এটা বাচন লৈ লওক ৷ তাত একাপ পানী উতলাই লওক ৷ কিছুসময়ৰ পাচত নহৰুখিনি থেতেলিয়াই দি তাত দিব ৷ ইয়াৰ লগতে এচামুচ জালুক দি তাৰ পিছত চাহখিনি পাঁচ মিনিট উতলিবলৈ দিব ৷ পাঁচ মিনিটৰ পিছত গেছ বন্ধ কৰি এটা পাত্ৰত চাহখিনি চেকি লওক ৷ এইদৰে আপোনাৰ চাহ সাজু হ’ব ৷

Ref:-https://www.ncbi.nlm.nih.gov/pmc/articles/PMC7402177/

লগতে পঢ়ক:চাহ-কফিৰ মাজত কোনবিধ শৰীৰৰ বাবে উত্তম ? বিশেষজ্ঞই কি কয় জানি লওক - Tea vs Coffee

ABOUT THE AUTHOR

...view details