অসম

assam

ETV Bharat / health

আপুনিও দিনটোত ৪-৫ কাপ কফি খায় নেকি ? তেন্তে নিশ্চয়কৈ পঢ়ক এই প্ৰতিবেদন

কফি হৈছে এনে এবিধ পানীয় যাক মানুহে গোটেই দিনটোৰ ক্লান্তিৰ পৰা উপশম পাবলৈ পান কৰে । বহুলোকে প্ৰতিদিনে নিজৰ দিনটোৰ আৰম্ভণি ইয়াৰ দ্বাৰাই কৰে ।

By ETV Bharat Health Team

Published : Oct 15, 2024, 12:10 PM IST

Side Effects of Drink Excessive Coffee
আপুনিও দিনটোত ৪-৫ কাপ কফি খায় নেকি ? তেন্তে নিশ্চয়কৈ পঢ়ক এই প্ৰতিবেদন (ETV Bharat)

কফি হৈছে এনে এবিধ পানীয় যাক মানুহে নিজৰ গোটেই দিনৰ ক্লান্তিৰ পৰা উপশম পাবলৈ, কেতিয়াবা টোপনি দূৰ কৰিবলৈ বা শৰীৰত শক্তি বৃদ্ধি কৰিবলৈ পান কৰে ৷ সমগ্ৰ বিশ্বতে বহুলোকেই নিজৰ দিনটোৰ আৰম্ভণি একাপ কফিৰ সৈতে কৰে ৷ কিন্তু আপুনি জানেনে যে অত্যধিক কফি সেৱন কৰিলে আপোনাৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে ?

হয়, যদি আপুনি দিনটোত ৪-৫ কাপ কফি খায়, তেন্তে আপুনি সাৱধান হোৱা উচিত, কাৰণ ইয়াৰ ফলত বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ জানো আহক অত্যধিক কফি খোৱাৰ বিপজ্জনক পাৰ্শ্বক্ৰিয়াৰ বিষয়ে-

অত্যধিক কফি খালে নাৰ্ভাছ আৰু উদ্বেগ সৃষ্টি হ’ব পাৰে

কফিৰ মূল উপাদান হ’ল কেফেইন, যিয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায় ৷ কেফেইন অতিৰিক্তভাৱে সেৱন কৰিলে স্নায়বিক, মানসিক চাপ আৰু উদ্বেগ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ আপোনাৰ হৃদস্পন্দন বেছিকৈ আৰম্ভ হয়, হাত দুখন কঁপিবলৈ আৰম্ভ কৰে, আৰু আপুনি অস্বস্তি অনুভৱ কৰে ৷ এনে পৰিস্থিতিত তৎক্ষণাত কেফেইন সেৱন কমাই দিব লাগে ৷

টোপনি অহা নাই ? কেফেইন হ’ব পাৰে ইয়াৰ মূল কাৰণ

যদি আপুনি কফি খাই গভীৰ নিশালৈকে কাম কৰে বা দেৰিলৈকে সাৰ পাই থাকে, তেন্তে কেফেইনো ইয়াৰ কাৰণ হ’ব পাৰে ৷ কেফেইনে এডিন’চিন নামৰ নিউৰ’ট্ৰান্সমিটাৰ এটাক বাধা দিয়ে, যিয়ে আমাক টোপনিৰ অনুভৱ কৰাত সহায় কৰে ৷ গতিকে শুবলৈ যোৱাৰ ৬-৮ ঘণ্টা আগতে কফি খোৱাৰ পৰা বিৰত থাকক আৰু সন্ধিয়া চাহ বা বনৌষধি চাহ আদি পাৰিলে সেৱন কৰিব লাগে ৷

পাচনতন্ত্ৰৰ ক্ষতি হয়

অত্যধিক কফি সেৱন কৰিলেও পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পৰিব পাৰে ৷ পেটত এচিডৰ পৰিমাণ বৃদ্ধি কৰি এচিডিটি, হাৰ্টবাৰ্ণ আৰু ডায়েৰিয়া আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ যদি আপুনি পেটৰ জ্বলা-পোৰা বা বিষ অনুভৱ কৰি আছে তেন্তে অধিক কফি সেৱন কৰাৰ বাবে হ’ব পাৰে ৷

দ্ৰুত হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি

অত্যধিক কেফেইন সেৱন কৰাৰ ফলত হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি পাব পাৰে ৷ কফি খোৱাৰ পিচত যদি সামান্য মূৰ ঘূৰোৱা বা হৃদস্পন্দন অনুভৱ হয়, তেন্তে কেফেইন সেৱন পাৰিলে কমাই দিয়ক ৷

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC6413001/

লগতে পঢ়ক:চাহ-কফিৰ মাজত কোনবিধ শৰীৰৰ বাবে উত্তম ? বিশেষজ্ঞই কি কয় জানি লওক - Tea vs Coffee

ABOUT THE AUTHOR

...view details