অভিনেতা ছৈফ আলী খানক আঁঠু আৰু কান্ধত আঘাত পোৱাৰ পিছত ২২ জানুৱাৰীত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাল আৰু মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হৈছিল ৷ জুনিয়ৰ এন টি আৰ অভিনীত তেওঁৰ পৰৱৰ্তী ছবি দেৱৰাৰ শ্বুটিংৰ সময়ত এই ঘটনা সংঘটিত হয় ৷ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত তেওঁ উমান পালে যে এইটো এটা সৰু অস্ত্ৰোপচাৰ যিটো বহুদিনৰ পৰা বাকী আছিল ৷
সংবাদ মাধ্যমৰ খবৰ অনুসৰি পুৱা ৮ বজাত অভিনেতাজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ য'ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছিল ৷ কিন্তু বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ আৰু চিকিৎসালয়ৰ পৰা বৰ্তমান তেওঁক ৰিলিজ দিয়া হৈছে ৷ তেওঁ কয় যে শ্বুটিঙৰ সময়ত এটা পুৰণি আঘাতে তেওঁক অসুবিধা দিছিল ৷ যাৰ বাবেই এই অস্ত্ৰোপচাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিল ৷ জানিব পৰা মতে, আদিপুৰুষ খ্যাত অভিনেতা ছৈফ আলী খানে আঁঠু আৰু কান্ধত আঘাতপ্ৰাপ্ত হৈছিল ৷ ইয়াৰ পিছতে অভিনেতাগৰাকীৰ আঁঠু আৰু ট্ৰাইচেপছৰ অস্ত্ৰোপচাৰ কৰোৱা হয় ৷
আঁঠুৰ বিষৰ কাৰণ কি হ’ব পাৰে ?
প্ৰায়ে বিভিন্ন অৱস্থাৰ চিকিৎসাৰ বাবে আঁঠুৰ অস্ত্ৰোপচাৰ কৰা হয় ৷ তিনিটা কাৰণত এনে হ’ব পাৰে:
অষ্টিঅ’আৰ্থাইটিছ:আঁঠুৰ বিষৰ অন্যতম কাৰণ হ’ল বাতবিষ বা অষ্টিঅ’আৰ্থাইটিছ ৷ ইয়াৰ বাবে আঁঠুৰ অস্ত্ৰোপচাৰ কৰিব পাৰি ৷
টেণ্ডোনাইটিছ:ইয়াৰ আন এটা কাৰণ হ’ব পাৰে টেণ্ডোনাইটিছ য’ত আঁঠুৰ চাৰিওফালে থকা তিনিটা টেণ্ডনৰ যিকোনো এটা টেণ্ডন প্ৰদাহ হয় ৷
আঘাত:ক্ৰীড়া বা শাৰীৰিক কাৰ্যকলাপৰ লগত জড়িত লোকৰ প্ৰকৃত আঘাতৰ আশংকা বেছি ৷ এনে পৰিস্থিতিত কেতিয়াবা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় ৷