কৰোনা ভাইৰাছ মহামাৰীৰ ঠিক পাঁচ বছৰ পিছত চীনে পুনৰ এবাৰ ভাইৰাছৰ সৈতে যুঁজি আছে । ভাৰততো হিউমেন মেটাপ্নিউমোভাইৰাছৰ (এইচ এম পি ভি) এতিয়ালৈকে বহুকেইটা পজিটিভ ঘটনাৰ তথ্য পোৱা গৈছে । যাৰ ফলত ক’ভিড-19 সদৃশ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি হৈছে ।
জলবায়ুৰ পৰিবৰ্তন লগতে চৌদিশে এতিয়া ধূলিময় তথা শুকান পৰিৱেশ বিৰাজ কৰিছে ৷ লগতে সঘনাই জলবায়ু পৰিবৰ্তনৰ বাবে এই সময়ছোৱাত শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ জনলৈ সঘনাই জ্বৰ, কাঁহ, চৰ্দি, নিউমোনিয়া, ডায়েৰীয়া আদিকে ধৰি ভিন্ন ভাইৰেল জনিত ৰোগত আক্রান্ত হোৱা দেখা যায় ৷ এই সময়চোৱাত শিশুসকলৰ বিশেষকৈ চৰ্দি-কাঁহ- জ্বৰ আদি বেছিকৈ হয় ৷ সেয়ে শীতকালত শিশুসকলৰ সঠিক যত্ন লোৱাৰ খুবেই প্ৰয়োজন ৷ এই ঋতুত শিশুৰ শৰীৰৰ সঠিক তাপমাত্ৰা বজাই ৰখাৰ ক্ষেত্ৰত অভিভাৱকসকল সচেতন হোৱাটো খুবেই প্ৰয়োজনীয় ৷ বিশেষকৈ নতুন অভিভাৱকসকলে শিশুৰ স্বাস্থ্যৰ দিশত চকু দিয়াটো খুবেই প্ৰয়োজনীয় ৷ এই ঋতুত অভিভাৱকসকলে কেনেদৰে তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে, আজি জানো আহক-
এই সময়ছোৱাত বিশেষকৈ শিশু সকলৰ স্বাস্থ্যৰ যতন লোৱাটো অতি আৱশ্যক ৷ কাৰণ জলবায়ু পৰিবৰ্তনৰ লগে লগে শৰীৰৰো কিছু পৰিবৰ্তন হয় যাৰ ফলত ভিন্ন ধৰণৰ ভাইৰেল ৰোগ হোৱা দেখা যায় ৷ এতিয়া প্ৰশ্ন হ’ল যে HMPV ভাইৰাছ দৰাচলতে হয় কি ? HMPV ভাইৰাছৰ লক্ষণসমূহ কি কি ? এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?
এই সময়ছোৱাত শিশুসকলৰ কেনেধৰণৰ স্বাস্থ্যৰ যতন ল'ব লাগে ?
খুব বেছি ধূলি-বালি থকা পৰিৱেশলৈ শিশুসকলক নিব নালাগে ৷ ঘৰৰ পৰা বাহিৰলৈ ওপৰৰ শিশু সকলক বাহিৰলৈ উলিয়াই লৈ গলে মাস্ক পৰিধান কৰাই হে নিব ৷ যাতে ধূলি বালিৰ পৰা বাচি থাকিব পাৰে ৷ লগতে শিশুসকলক যিমান পাৰে বেছি জনসমাগম হোৱা ঠাইৰ পৰা দূৰত ৰাখিব লাগে ৷ বেছি জনসমাগম হোৱা ঠাইলৈ শিশুসকলক নিব নালাগে ৷ কাৰণ বেছি জনসমাগম হোৱা ঠাইৰ পৰা ভাইৰেল ৰোগৰ সংক্ৰমণ এজনৰ পৰা আনজনলৈ বেছি হয় ৷ প্ৰচুৰ পৰিমাণে পানী খাবলৈ দিব লাগে ৷ সঘনাই জলবায়ুৰ পৰিবৰ্তন হৈ থকাৰ বাবে শিশুসকলৰ কাপোৰ পৰিধানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে ৷
চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দৰৱ খাবলৈ দিয়াটো উচিত নে ?
যদিহে শিশুটিৰ জ্বৰ উঠে আৰু ওচৰত যদি কোনো চিকিৎসালয়ৰ ব্যৱস্থা নাথাকে তেন্তে প্ৰাৰম্ভিক পৰ্যায়ত শিশুটিক দৰৱ দিয়াৰ পৰিৱৰ্তে ঠাণ্ডা পানীত কাপোৰ তিয়াই তাৰ প্ৰলেপ দিব পাৰে ৷ যদিহে অতিপাত জ্বৰ উঠে তেন্তে চিকিৎসাকৰ পৰামৰ্শ লোৱাটো উচিত ৷
শিশুসকলক কেনেধৰণৰ খাদ্য খুৱাব লাগে ?
১) শিশুসকলক সদায় কুহুমীয়া গৰম পানী খুৱাব লাগে ৷