অসম

assam

নেত্ৰদান কৰিলে গোটেই চকুটো উলিয়াই লৈ যায় নেকি ? জানক কোনে কৰিব পাৰে নেত্ৰদান আৰু কোনে নোৱাৰে - National Eye Donation Fortnight

By ETV Bharat Health Team

Published : Aug 25, 2024, 6:10 AM IST

National Eye Donation Fortnight 2024: ১ বছৰৰ ওপৰৰ প্ৰতিজন ব্যক্তিয়ে চকু (কৰ্ণিয়া) দান কৰিব পাৰে । চকু দান কৰাৰ বয়সৰ কোনো সীমা নাই । কিন্তু আমাৰ সমাজত নেত্ৰদানকলৈ এনে কিছুমান ভুল ধাৰণা আছে যাৰ বিষয়ে আমি প্ৰত্যেকেই জনাটো উচিত ৷ আজি এই বিষয়ে বিতংভাৱে জানো আহক-

National Eye Donation Fortnight 2024
ৰাষ্ট্ৰীয় নেত্ৰদান পষেক (CANVA)

নেত্ৰদান হৈছে এক মহানদান ৷ নেত্ৰদান কৰি আপুনি কাৰোবাৰ অন্ধকাৰ জীৱন পোহৰাই তুলিব পাৰে ৷ আপুনি জানি আচৰিত হ’ব যে আমাৰ দেশৰ ১ কোটিতকৈ অধিক লোকেই ভুগিছে ৷ এনে পৰিস্থিতিত বহুতে মৃত্যুৰ পিছতো নিজৰ নেত্ৰদান কৰি কাৰোবাক এটি নতুন জীৱন দিব পাৰে ৷ কিন্তু নেত্ৰদানৰ সন্দৰ্ভত বহুতো ভুল ধাৰণাও আছে ৷

নেত্ৰৰ উপযোগিতা বিবেচনা কৰিয়েই প্ৰতি বছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে মানুহক নেত্ৰদানৰ গুৰুত্বৰ বিষয়ে সজাগ কৰা আৰু প্ৰেৰণা যোগোৱা । এই সময়ছোৱাত সমগ্ৰ দেশতে বিভিন্ন মঞ্চত আলোচনা চক্ৰ, সজাগতামূলক কাৰ্যসূচী আৰু কৰ্মশালা আদিৰ আয়োজন কৰা হয়, যাতে মানুহে ইয়াৰ লাভ আৰু ভুল ধাৰণাসমূহৰ আঁৰৰ সত্যতা বুজিব পাৰে ।

ৰাষ্ট্ৰীয় নেত্ৰদান পষেক (ETV Bharat Assam)

বহুতে এয়া ভাবে যে নেত্ৰদানৰ বাবে এজন ব্যক্তিৰ গোটেই চকুটো উলিয়াই দি দিব লগীয়া হয়, কিন্তু আমি জনাই দিও যে, এয়া সম্পূৰ্ণ এটি ভুল ধাৰণা ৷ সেয়ে ৰাষ্ট্ৰীয় নেত্ৰদান পষেক উপলক্ষে আজি এনে ভুলধাৰণা সমূহৰ বিষয়ে জানো আহক-

নেত্ৰদানৰ বাবে গোটেই চকুটো আঁতৰাই দিয়া হৈছে নেকি ?

নেত্ৰদান কৰিবলৈ ইচ্ছুক লোকৰ মাজত এই প্ৰশ্নটো প্ৰায়ে দেখা যায় যে নেত্ৰদানৰ সময়ত গোটেই চকুটো উলিয়াই লোৱা হয় নে নহয়, কিন্তু সেয়া নহয় ৷ এই প্ৰক্ৰিয়াত গোটেই চকুটো আঁতৰাই পেলোৱা নহয় ৷ কেৱল চকুৰ সন্মুখত এখন স্বচ্ছ স্তৰ থাকে যাক কৰ্ণিয়া বোলা হয় ৷ কেৱল সেইটোহে উলিয়াই দিয়া হয় ৷ এই কাম কৰাৰ পিছত চকুত কোনো ধৰণৰ ঘা বা চকুটো নষ্ট হোৱা দেখা নাযায় ৷

এজন দাতাই কিমান গৰাকী লোকৰ জীৱন পোহৰাই তুলিব পাৰে ?

এগৰাকী নেত্ৰদান কৰা ব্যক্তিয়ে দুজন দৃষ্টিহীন লোকক কৰ্ণিয়াৰ দৃষ্টিহীনতাৰ পৰা ৰক্ষা কৰিব পাৰে ৷ কৰ্ণিয়াৰ আক্ৰান্ত স্তৰৰ ওপৰত নিৰ্ভৰ কৰি সমগ্ৰ কৰ্ণিয়াৰ পৰিৱৰ্তে কিছুমান নিৰ্দিষ্ট স্তৰ প্ৰতিস্থাপন কৰিব পাৰি ৷

ৰাষ্ট্ৰীয় নেত্ৰদান পষেক (ETV Bharat Assam)

কোনে নেত্ৰদান কৰিব পাৰে ?

  • ১ বছৰৰ উৰ্ধৰ প্ৰতিজন ব্যক্তিয়ে চকু (কৰ্ণিয়া) দান কৰিব পাৰে ৷
  • নেত্ৰদান কৰাৰ বয়সৰ কোনো সীমা নাথাকে ৷

কোনে নেত্ৰদান কৰিব নোৱাৰে ?

  1. সংক্ৰামক ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোক
  2. এইডছৰ ৰোগীসকল
  3. ৰেবিজ
  4. হেপাটাইটিছ বি বা চি
  5. টিটেনাছ আদি ৰোগত আক্ৰান্ত হৈ নেত্ৰদান কৰিব নোৱাৰে
  6. যিসকল লোকৰ কেন্সাৰ বা চকুৰ কোনো ধৰণৰ সংক্ৰমণ হোৱা লোক

কিমান সোনকালে নেত্ৰদান হ’ব লাগে ?

মৃত্যুৰ ৪ৰ পৰা ৬ ঘণ্টাৰ ভিতৰত নেত্ৰদান কৰিব লাগে ৷ বিশেষ কথাটো হ’ল ইয়াৰ ফলত অন্ত্যেষ্টিক্ৰিয়াৰ সম্পন্ন কৰাৰ ক্ষেত্ৰত কোনো পলম নহয় ৷

নেত্ৰদান প্ৰক্ৰিয়া-

  • নেত্ৰদান কৰিবলৈ মাত্ৰ ১০ৰ পৰা ১৫ মিনিট সময় লাগে ৷
  • মৃত্যুৰ পিছত নেত্ৰদান কৰিবলৈ দাতাৰ পৰিয়ালে আইবেংকলৈ গৈ ফৰ্মখন পূৰণ কৰে ৷
  • প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত পঞ্জীয়ন কৰা হয়
  • ইয়াৰ পিছত কাৰ্ডখন জমা দিয়া হয়
  • মৃত্যুৰ আগতেই এই পঞ্জীয়ন কৰিব পাৰি ৷
  • দাতাৰ পৰিয়ালৰ সদস্যই সমীপৰ নেত্ৰ বেংকৰ কর্তৃপক্ষক অৱগত কৰিব লাগে, তাৰ পিছত দলটোৱে কৰ্ণিয়া আঁতৰোৱাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে ৷
  • মৃত্যুৰ পিছত কৰ্ণিয়া আঁতৰাই দিলে কোনো ধৰণৰ দাগ বা ক্ষতি নহয় ৷
লগতে পঢ়ক:Eye Donation: এজন ব্যক্তিৰ নেত্ৰদানে, দুগৰাকীকৈ ব্যক্তিক প্ৰদান কৰিব পাৰে দৃষ্টিশক্তি

ABOUT THE AUTHOR

...view details