অসম

assam

ETV Bharat / health

গ্ৰীণ টি-মৌ-হালধি, আপোনাৰ ছালৰ বাবে কোনবিধ আটাইতকৈ উপকাৰী ? - MORNING SKIN ROUTINE

পুৱা সাৰ পোৱাৰ পাছত কি খোৱাটো স্বাস্থ্যৰ বাবে ভাল, কোনবিধ সামগ্ৰীয়ে আপোনাৰ ছালখনক ভিতৰৰ পৰা পুষ্টি দিব পাৰে আৰু ইয়াক প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তুলিব পাৰে-

Morning Skin Hacks: Green Tea, Honey and Turmaric- Which One Should You Choose?
গ্ৰীণ টি-মৌ-হালধি, আপোনাৰ ছালৰ বাবে কোনবিধ আটাইতকৈ উপকাৰী ? (ETV Bharat)

By ETV Bharat Health Team

Published : Feb 6, 2025, 10:28 AM IST

মানুহে ছাল উজ্বল আৰু ধুনীয়া কৰি তুলিবলৈ বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্টছ ব্যৱহাৰ কৰে ৷ কিন্তু কেৱল বজাৰত লাভ কৰা সামগ্ৰী ব্যৱহাৰ কৰিলেই নহয়, ছাল সুস্থ কৰি ৰখাও প্ৰয়োজন ৷ যদি আপুনি উজ্বল আৰু ধুনীয়া ছাল বিচাৰে তেন্তে পুৱা স্বাস্থ্যকৰ পানীয় খোৱা আৱশ্যক ৷ বহুতে গ্ৰীণ টি খাবলৈ ভাল পায়, কিছুমানে মৌৰ লগত মিহলি কুহুমীয়া পানী খায়, আনহাতে কিছুমানে হালধি পানী খায় ৷

কিন্তু প্ৰশ্ন হয়, পুৱা সাৰ পোৱাৰ পাছত কি খোৱা স্বাস্থ্যৰ বাবে ভাল ? কোনটো পানীয়ই আপোনাৰ ছালখনক ভিতৰৰ পৰা পুষ্টি দিব পাৰে আৰু ইয়াক প্ৰাকৃতিকভাৱে উজ্জ্বল কৰি তুলিব পাৰে ?

গ্ৰীণ টি

গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, পলিফিনল আৰু কেটেচিন থাকে, যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে ৷ ই আপোনাৰ ছালখনত ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ৰখাৰ লগতে শালমইনা, বয়স বৃদ্ধিৰ প্ৰভাৱত বাধা দিয়াতো সহায় কৰে ৷ গতিকে পুৱা খালী পেটত গ্ৰীট টি খাব পাৰে ৷ ইয়াত মৌ আৰু নেমু মিহলালে সোৱাদ বৃদ্ধি পোৱাৰ লগতে উপকাৰিতাও বৃদ্ধি পায় ৷ ই শৰীৰৰ চৰ্বি কমোৱাতো সহায় কৰে ৷

মৌ

আয়ুৰ্বেদত মৌক আটাইতকৈ উপকাৰী প্ৰাকৃতিক ঔষধ বুলি গণ্য কৰা হয় ৷ পুৱা আপুনি কুহুমীয়া পানীৰ সৈতে মৌ মিহলি কৰি খাব পাৰে ৷ ই ছালখনত ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰে আৰু কোমল কৰি ৰখাত সহায় কৰে ৷ মৌ-পানীৰ মিশ্ৰণে ছালখনক হাইড্ৰেটেড কৰি ৰাখে ৷ ই ছালক উজ্বলতা প্ৰদান কৰে লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ ই ছালক প্ৰাকৃতিকভাৱে কোমল কৰি তোলে ৷ গতিকে পুৱা এগিলাচ কুহুমীয়া পানীত ১ চামুচ মৌ মিহলাই খালী পেটত খাব পাৰে ৷ ইয়াৰোপৰি ইয়াত অলপ নেমু ৰসো মিহলি কৰিব পাৰে ৷

হালধি

হালধিত কাৰকুমিনৰ দৰে এক শক্তিশালী এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী উপাদান, যি আপোনাৰ ছালৰ বাবে অতি উপকাৰী ৷ হালধিয়ে ছাল ভিতৰৰ পৰা পৰিষ্কাৰ কৰি উজ্বলতা আনে ৷ ই শালমইনাও কম কৰে আৰু দাগ নোহোৱা কৰে ৷ গিলাচ কুহুমীয়া পানীত ১/৪ চামুচ হালধি গুড়ি মিহলাই খাব পাৰে ৷ পুৱা খালী পেটত এয়া খালে ভাল ৷

কোনবিধ ভাল

যদি আপুনি এন্টি এজিং (বয়সৰ প্ৰভাৱ ৰোধ) আৰু ডিটক্সিফিকেশনৰ ওপৰত গুৰুত্ব দিব বিচাৰে তেন্তে গ্ৰীণ টি হ’ল সৰ্বোত্তম বিকল্প ৷ যদি আপোনাৰ ছালখন শুকান হৈ থাকে তেন্তে ইয়াক হাইড্ৰেটেড আৰু কোমল কৰিবলৈ মৌ-পানী ভাল ৷ ইয়াৰোপৰি যদি আপোনাৰ ছালত দাগ, শালমইনা আদি থাকে তেন্তে হালধি- পানী উপকাৰী ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

লগতে পঢ়ক

  1. ডালিমৰ বাকলিৰ সহায়ত এনেদৰে লওক ছালৰ যতন
  2. শীতকালত ছালৰ ৰুক্ষ ভাৱ দূৰ কৰিবলৈ অনুসৰণ কৰিব পাৰে মালা মহন্তই দিয়া এই উপায়
  3. বয়সৰ চাপ কমাবলৈ বন্ধাকবিৰে এনেদৰে লওক ছালৰ যতন

ABOUT THE AUTHOR

...view details