চুলিবোৰ ফণিয়াওতে বহুখিনি চুলি সৰি যায় নেকি, নে আপুনি সদায় চুলিবোৰ জঁট ভাঙিবলৈ বহু সময় নষ্ট কৰে ? যদি আপোনাৰ উত্তৰ 'হয়' তেন্তে এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে ৷
এই প্ৰতিবেদনত আমি আপোনালোকক জনাবলৈ লৈছো সুস্থ চুলিৰ সৈতে জড়িত এনে কিছুমান ৰুটিন টিপছৰ বিষয়ে, যাৰ সহায়ত আপুনি আপোনাৰ চুলিৰ ক্ষতি হোৱাৰ পৰা সহজেই ৰক্ষা কৰিব পাৰে ৷ কেৱল এয়াই নহয়, এই টিপচ্ সমূহে আপোনাৰ চুলিকো ডাঠ, ধুনীয়া আৰু চিকচিকিয়া কৰি তোলে ৷ বিশেষ কথাটো হ’ল এই পদ্ধতিসমূহ অনুসৰণ কৰাটো অতি সহজ ৷
শুবলৈ যোৱাৰ পূৰ্বে চুলিখিনি ফণিয়াওক
শুবলৈ যোৱাৰ পূৰ্বে চুলিখিনি ভালদৰে ফণিয়াওক ৷ চুলি দীঘল হ’লে ঢিলাকৈ বেনী গাঁঠিব পাৰে ৷ এনে কৰিলে চুলিবোৰ দুৰ্বল আৰু শুকান নহয় ৷
তেল প্ৰয়োগ কৰক
শুবলৈ যোৱাৰ পূৰ্বে কুহুমীয়া নাৰিকল বা আলমণ্ড তেল লগাব লাগে ৷ ইয়াৰ দ্বাৰা মূৰৰ ছালে পুষ্টি লাভ কৰাই নহয়, ৰক্ত সঞ্চালনো উন্নত হয় ৷ অৱশ্যে পুৱা শ্বেম্পুৰে চুলিখিনি ধুবলৈ নাপাহৰিব, ইয়াৰ ফলত চুলি কোমল আৰু মজবুত হ’ব ৷
চুলি ভালদৰে শুকুৱাই লওক
তিতা চুলি অধিক দুৰ্বল, গতিকে যদি আপুনি তিতা চুলিৰে শুই থাকে তেন্তে চুলি চিগিব পাৰে আৰু অধিক ক্ষতিগ্ৰস্ত হয় ৷ গতিকে শুবলৈ যোৱাৰ পূৰ্বে সদায় চুলিখিনি ভালদৰে শুকুৱাই ল’ব লাগে ৷
যথেষ্ট পানী খাব
চুলিক সুন্দৰ কৰিবলৈ ভিতৰৰ পৰা সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয় ৷ এনে অৱস্থাত শুবলৈ যোৱাৰ পূৰ্বে আৰু পুৱা সাৰ পোৱাৰ পিছত প্ৰচুৰ পৰিমাণে পানী খাব লাগে ৷ ইয়াৰ ফলত মূৰৰ ছাল হাইড্ৰেটেড হৈ থাকিব আৰু চুলি শুকান হোৱাৰ পৰা ৰক্ষা কৰিব ৷ মনত ৰাখিব, পানীয়ে আপোনাৰ শৰীৰ আৰু চুলি দুয়োটাৰে বাবে ঔষধৰ দৰে কাম কৰে ৷
লগতে পঢ়ক:৫৯ বছৰ বয়সত টিভি অভিনেতা Rituraj Singhৰ মৃত্যু ? এয়াই আছিল মৃত্যুৰ মূল কাৰণ