মেদবহুলতা আজিৰ দিনত স্বাস্থ্যজনিত অন্যতম এটি ডাঙৰ সমস্যা ৷ ওজন কমোৱাটো বহুতৰে বাবে ইমানেই প্ৰত্যাহ্বান হৈ পৰিছে, যাৰ বাবে মানুহে কঠোৰ পৰিশ্ৰম কৰে আৰু লগতে খাদ্যৰ সম্পূৰ্ণ যত্ন লয় ৷
লেন্সেটৰ এক অধ্যয়নত কোৱা হৈছে যে, ভাৰতত মেদবহুলতাৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বুলি প্ৰকাশ পাইছে ৷ ভাৰতৰ মুঠ জনসংখ্যাৰ ৭০% শতাংশই অতিৰিক্ত ওজনৰ সমস্যাৰ সৈতে যুঁজি আহিছে ৷
সেয়ে আমি কঠোৰ পৰিশ্ৰমৰ লগতে সঠিক খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিয়াটো উচিত ৷ যদি আপুনিও পেটৰ চৰ্বি কম কৰিব বিচাৰে, তেন্তে আপোনাৰ খাদ্য তালিকাত স্বাস্থ্যকৰ আৰু পুষ্টিকৰ বস্তু অন্তৰ্ভুক্ত কৰক ৷ যাতে ই আপোনাক ওজন কমোৱাৰ প্ৰক্ৰিয়াত সহায় কৰিব পাৰে ৷ বিশেষকৈ স্বাস্থ্যকৰ পানীয় ৷
উল্লেখ্য যে, স্বাস্থ্যকৰ পানীয় সেৱন কৰিলে বিপাকীয় ক্ৰিয়া উন্নত হয় আৰু হজম শক্তিও উন্নত হয় ৷ কেৱল এয়াই নহয়, খাদ্যৰ প্ৰতি আসক্তি আৰু অতিৰিক্ত খাদ্য খোৱাটোও এই পানীয়বোৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়, যাৰ ফলত ওজন বহু পৰিমাণে হ্ৰাস কৰিব পাৰি ৷ গতিকে জানো আহক এই পানীয়সমূহ নো কি, যিয়ে আপোনাৰ পেটৰ চৰ্বি কমোৱাত সহায় কৰিব পাৰে ৷
তিয়ঁহৰ পানী খাব লাগে
তিয়ঁহৰ পানী খালে আপুনি চৰ্বিৰ পৰা মুক্তি পাব পাৰে ৷ ইয়াৰ উপৰিও শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাতো তিয়ঁহৰ পানীয়ে সহায় কৰে ৷ তিয়ঁহত থকা দ্ৰৱণীয় আঁহে কেৱল ওজন হ্ৰাস কৰাত সহায় কৰাই নহয়, আপোনাৰ পাচনতন্ত্ৰও উন্নত কৰিব পাৰে ৷