অসম

assam

পলাই পত্ৰং দিব কাহ-চৰ্দি-জ্বৰ: আজিয়েই প্ৰস্তুত কৰি ৰাখক এইবিধ গুড়ি - Trikatu Powder

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 6:08 PM IST

Health Benefits of Trikatu Powder: বাৰিষা কালত বতৰ কেতিয়াবা অত্যন্ত গৰম আৰু অত্যন্ত ঠাণ্ডা হৈ পৰে । সেয়ে বতৰৰ এই সাল-সলনিৰ বাবে বহুতৰে ক্ষেত্ৰত চৰ্দি আৰু কাহৰ দৰে সমস্যা হোৱা দেখা যায় । যদি আপুনিও চৰ্দি, কাহ আৰু জ্বৰৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে এই ত্ৰিকুট চূৰ্ণ প্ৰস্তুত কৰি আজিয়েই ৰাখি থওক যিয়ে আপোনাক উক্ত আটাইবোৰ সমস্যাৰ পৰা সকাহ লাভ কৰাত সহায় কৰিব-

Health benefits of trikatu powder: dried ginger black pepper and long pepper benefits
পলাই পত্ৰং দিব কাহ-চৰ্দি-জ্বৰ: আজিয়েই প্ৰস্তুত কৰি ৰাখক এইবিধ গুড়ি (CANVA)

বাৰিষাৰ এই বতৰত আটাইতকৈ সাধাৰণ ৰোগ হ’ল জ্বৰ, চৰ্দি আৰু কাহ ৷ শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে চৰ্দি আৰু কাহত ভুগিবলগীয়া হয় ৷ চৰ্দি আৰু কাহৰ পৰা মুক্তি পাবলৈ ঔষধতকৈ বহু ঘৰুৱা উপায় অধিক ফলপ্ৰসূ বুলি প্ৰমাণিত হয় ৷ তেনে এক ফলপ্ৰসূ উপায় হ’ল ত্ৰিকুট চূৰ্ণ, যিটো তিনিবিধ সামগ্ৰীক গুড়ি কৰি একেলগে মিহলাই প্ৰস্তুত কৰা হয় ৷

শুকান আদা, জালুক আৰু পিপলিৰ উপকাৰিতা (FREEPIK)

এই তিনিবিধ সামগ্ৰী হৈছে শুকান আদা, জালুক আৰু পিপলি ৷ এই তিনিবিধ সামগ্ৰী একেলগে মিহলাই খালে কেৱল আপুনি চৰ্দিৰ পৰা পৰিত্ৰাণ পোৱাই নহয় জ্বৰ আৰু বতৰৰ পৰিৱৰ্তনৰ ফলত হোৱা সংক্ৰমণৰ পৰাও পৰিত্ৰাণ পোৱাত সহায় কৰিব ৷ এই গুড়ি কেনেকৈ তৈয়াৰ কৰিব লাগে তথা ইয়াৰ উপকাৰিতা কি কি জানো আহক-

শুকান আদা, জালুক আৰু পিপলিৰ উপকাৰিতা (FREEPIK)

শুকান আদা, জালুক আৰু পিপলিৰ পৰা এনেদৰে তৈয়াৰ কৰক ত্ৰিকুট চূৰ্ণ

প্ৰায় ১ গ্ৰাম শুকান আদা, ১ গ্ৰাম জালুক আৰু ১ গ্ৰাম পিপলি এই তিনিবিধ সামগ্ৰী সমান পৰিমাণত লৈ পিচি গুড়ি তৈয়াৰ কৰি লওক ৷ কিছু ক’লা বা দেশী চেনি লৈ গুড়ি কৰি মিহলাই মিঠা কৰি লওক ৷ এতিয়া সদায় শোৱাৰ আগত গাখীৰৰ লগত ১ চামুচ এই ত্ৰিকুট গুড়ি মিহলাই সেৱন কৰক ৷ ইয়াৰ লগে লগে যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা আপুনি বাচি থাকিব পাৰিব ৷ চৰ্দি আৰু কাহৰ ৰোগৰ ক্ষেত্ৰত ৰামবাণ ঔষধ হিচাপে কাম কৰে এই গুড়ি ৷ ইয়াৰ ফলত পুৰণি জমা হৈ থকা কফটোও আঁতৰি যাব ৷ এই গুড়ি প্ৰস্তুত কৰি কেইবামাহলৈকে আপুনি বটলত ভৰাই ৰাখিব পাৰে ৷ ইচ্ছা কৰিলে এই গুড়িত মৌ মিহলাইও সেৱন কৰিব পাৰে ৷

শুকান আদা, জালুক আৰু পিপলিৰ উপকাৰিতা (ETV Bharat)

শুকান আদা, জালুক আৰু পিপলিৰ উপকাৰিতা

জালুক, পিপলি আৰু শুকান আদাত পাচনতন্ত্ৰক পৰিষ্কাৰ কৰাৰ ক্ষমতা আছে যিয়ে আপোনাৰ শৰীৰত জমা হোৱা মলি আঁতৰোৱাত সহায় কৰে ৷ এই তিনিবিধ সামগ্ৰীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে ৷ শুকান আদা, পিপলি আৰু জালুকে দুৰ্বল হজম শক্তি শক্তিশালী কৰাৰ কাম কৰে ৷ এই গুড়ি খালে বদহজম, গেছৰ সমস্যা, পেটৰ বিষ, কলাইটিছ, পাইল, কাহ, চাইনাচাইটিছ, হাঁপানী আদি ৰোগ নিৰাময় কৰিব পাৰে ৷

লগতে পঢ়ক:Viral Fever: ভাইৰেল জ্বৰৰ লক্ষণ তথা ইয়াৰ প্ৰতিকাৰৰ বিধান জানো আহক জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰকাশ শৰ্মাৰ পৰা

ABOUT THE AUTHOR

...view details