আমাৰ শৰীৰক দৈনিক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয় যি খাদ্যই আমাৰ স্বাস্থ্য ভালে ৰাখে আৰু ইয়াৰ দ্বাৰা আমি আমাৰ দৈনন্দিন কাম-কাজ ভালদৰে কৰিবলৈ সক্ষম হওঁ ৷ কিন্তু দৈনিক সুষম আহাৰ সেৱন নকৰিলে আমাৰ ছালখন নিস্তেজ হোৱাৰ লগতে স্বাস্থ্যৰো অৱনতি ঘটিবলৈ আৰম্ভ কৰে আৰু আমি বহু ৰোগত আক্ৰান্ত হওঁ ৷ শৰীৰটো সুচাৰুৰূপে চলিবলৈ আমাৰ শৰীৰত প্ৰ’টিন, কেলচিয়াম, ভিটামিন, আইৰণ আদি সকলো পুষ্টিকৰ উপাদানৰ প্ৰয়োজন ৷
দৈনিক খাদ্যত সেউজীয়া শাক-পাচলি, গোটা শস্য, ফল-মূল, বাদাম আৰু বীজ আদি খোৱাটো আপোনাৰ শৰীৰৰ বাবে অতি লাগতিয়াল ৷ বীজৰ ভিতৰত ক’বলৈ গ’লে এবিধ অতি পুষ্টিকৰ বীজ হ’ল- ৰঙালাওৰ গুটি ৷ আপুনি জানেনে দৈনিক ৰঙালাওৰ গুটি খোৱাটো আপোনাৰ শৰীৰৰ বাবে কিমান উপকাৰী ? যদি নাজানে তেন্তে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-
ঘাঁ ভাল হোৱাত সহায় কৰে
ভিটামিন কে আৰু মেংগানিজ ৰঙালাওৰ গুটিত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ ঘাঁবোৰ অতি সোনকালে শুকুৱাত সহায় কৰে ৷ সেয়েহে দৈনিক ৰঙালাওৰ গুটি সেৱন কৰিব লাগে ৷
ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰা
ৰঙালাওৰ গুটিত মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে শৰীৰত তেজৰ শৰ্কৰাৰমাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ এইবোৰ ডায়েবেটিছ ৰোগীৰ বাবে ঔষধ ৷
ফুলা হ্ৰাস কৰা
ৰঙালাওৰ গুটিত বহুতো এন্টিঅক্সিডেন্ট পোৱা যায়, গতিকে ই শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে ৷ বহু ধৰণৰ ৰোগো ইয়াৰ সেৱনৰ দ্বাৰা আঁতৰত থাকে ৷