গুৱাহাটী, 23 মাৰ্চ : পৱিত্ৰ ৰমজান মাহ চলি আছে ৷ ৰমজানৰ এই সময়চোৱাত প্ৰায়ভাগ ইছলাম ধর্মাৱলম্বী লোকে উপবাস পালন কৰে ৷ দিনটো সম্পূর্ণৰূপে উপবাস থাকি আবেলি খাদ্য গ্রহণ কৰে ৷ এইক্ষেত্ৰত সুস্থ ব্যক্তিৰ বিশেষ চিন্তাৰ কাৰণ নাই কিন্ত ডায়েবেটিছত আক্রান্ত ৰোগী এগৰাকীয়ে যদি 'ৰোজা' বা উপবাসে থাকে তেতিয়াহ'লে সতর্কতা অবলম্বন নকৰিলে বিপদ ঘণীভূত হ'ব পাৰে ৷ সেইবাবে ডায়েবেটিছত আক্রান্ত সকলে এই সময়ত উপবাসে থকাৰ পূৰ্বে বিশেষজ্ঞ চিকিৎসকৰ লগতে পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ৷
আনহাতে, যিসকল লোকৰ তেজত শৰ্কৰা নিয়ন্ত্ৰণত নাথাকে অথবা হৃদৰোগ, বৃক্ক বা কিডনী, লিভাৰ বা যকৃতৰ ৰোগ থাকে তেওঁলোকে উপবাসে নথকাটোৱে ভাল ৷ কাৰণ শৰীৰৰ বাবে প্রয়োজনীয় উপাদান পুষ্টি যদি সময় মতে লাভ কৰা নহয় তেতিয়া হ'লে ইয়াৰ প্ৰভাৱ প্রত্যক্ষ অথবা পৰোক্ষভাৱে শৰীৰৰ ওপৰত পৰে ৷
কোনবোৰ ডায়েবেটিছত আক্রান্তই 'ৰোজা' বা উপবাসে থাকিব নালাগে ?
- 'ৰোজা' সকলো ডায়েবেটিছত আক্রান্তই ৰাখিব পাৰে যদিও যিসকল ক্ৰ'নিক ডায়েবেটিক জটিলতাসমূহ যেনে- কিডনী ডিজিজ, ৰেটিন'পেথি বা নিউৰ'পেথি থাকে তেনেকুৱা ৰোগীয়ে 'ৰোজা' ৰাখিব নালাগে ৷
- গৰ্ভৱতী মহিলা সকলেও 'ৰোজা' ৰাখিব নালাগে
- টাইপ ওৱান ডায়েবেটিছত ৰোগী সকলে 'ৰোজা' ৰাখিলে হঠাৎ চুগাৰ কমি যাব পাৰে বা হঠাৎ বৃদ্ধি হ'ব পাৰে ৷ সেয়ে এনে ৰোগী সকলে 'ৰোজা'ৰ মাজে মাজে গ্লোকমিটাৰে চুগাৰটো পৰীক্ষা কৰিব লাগে ৷ ৭০ ৰ তলত যদি চুগাৰ নামে বা ৩০০ ৰ পৰা ৩৫০ লৈ বাঢ়ি যায় তেতিয়া 'ৰোজা' ভাগি দিব লাগে ৷
ইফটাৰৰ সময়ত কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে আৰু কি কি খাব নালাগে ?
- ইফটাৰৰ সময়ত অতি বেছি ভজা খাদ্য বা অতি বেছি খাদ্য গ্ৰহণ কৰিব নালাগে ৷
- হাইড্ৰেচনৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন ৷ সেয়ে এনে সময়ত ফল-মূল সৰহকৈ খাব লাগে ৷
- কাৰ্ব'হাইড্ৰেটৰ লগতে প্ৰটিন যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷
- একেলগে অধিক খাদ্য খাব নালাগে ৷ কিছু সময়ৰ মূৰে মূৰে ৰৈ ৰৈ খাব লাগে ৷