কলেষ্টেৰল হৈছে এক দীৰ্ঘম্যাদী ৰোগ, যাক নিয়ন্ত্ৰণত ৰখাটো খুবেই দৰকাৰী ৷ যদি শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয়, তেন্তে বহু প্ৰকাৰৰ ৰোগ হ'ব পাৰে ৷ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ বজাৰত বহু ঔষধ উপলব্ধ যদিও কিছুমান ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তেও এই ৰোগক নিয়ন্ত্ৰণ কৰিব পাৰি ৷ আজি এই বিষয়ে জানো আহক-
খাওঁক এইবিধ ফল
উচ্চ কলেষ্টেৰল ৰোগীয়ে যিকোনো ফল বা ৰস খাব পাৰে ঠিকেই, কিন্তু ডালিম হৈছে শৰীৰৰ ধমনীত বেয়া কলেষ্টেৰল জমা হোৱা প্ৰতিহত কৰিবলৈ আটাইতকৈ কাৰ্যকৰী ৷ ডালিম খোৱাটো এই ৰোগৰ বাবে অতি লাভজনক বুলি গণ্য কৰা হয় ৷ সেয়েহে, উচ্চ কলেষ্টেৰল ৰোগীসকলে তেওঁলোকৰ শৰীৰৰ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিদিনে ডালিমৰ ৰস খাব লাগে ৷ ডালিম বা ইয়াৰ ৰস খালে শৰীৰত উচ্চ কলেষ্টেৰল জমা নহয় ৷ ডালিমৰ ৰসত বিশেষ প্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি উচ্চ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে ৷ ডালিমৰ ৰসত থকা এণ্টিঅক্সিডেণ্টবোৰ অন্যান্য ফলৰ তুলনাত যথেষ্ট বেছি, যিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে ৷