খেজুৰ আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী এবিধ ফল ৷ খেজুৰত থকা মৌল সহজে হজম হয় ৷ ইয়াত ভাল পৰিমাণৰ খাদ্য আঁহ, আইৰণ, পটাছিয়াম, ভিটামিন বি, ভিটামিন বি৬, ভিটামিন এ আৰু কে, কপাৰ, মেগনেছিয়াম, মেংগানিজ আৰু নিয়াচিন পোৱা যায় ৷ এই সকলোবোৰ ভাল হজম হজমৰ বাবে প্ৰয়োজনীয় ৷
নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ প্ৰতিবেদন অনুসৰি খেজুৰত থকা আঁহে তেজত চেনি শোষণৰ গতি লেহেমীয়া কৰে, যাৰ ফলত হঠাতে ৰক্ত শৰ্কৰা বৃদ্ধিৰ সমস্যা ৰোধ হয় ৷ এটা বা দুটা শুকান ফলৰ লগত খালে বাৰে বাৰে ভোক অনুভৱ কৰাৰ কোনো সমস্যা নহয় ৷ ইয়াৰ উপৰিও এন্টি-অক্সিডেন্টযুক্ত খেজুৰ খালে প্ৰদাহ কমি যায় আৰু লগতে মেদবহুলতাৰ সম্ভাৱনাও হ্ৰাস পায় ৷
ডায়েবেটিছৰ খাদ্যত ইয়াক অন্তৰ্ভুক্ত কৰিবলৈ দিনটোত ১ৰ পৰা ২টা খেজুৰ খাব পাৰে ৷ কিন্তু আপোনাৰ অৱস্থা আৰু ডায়েবেটিছৰ মাত্ৰা অনুসৰি কিমান খেজুৰ খোৱাটো যথেষ্ট হ’ব সেই বিষয়ে পৰামৰ্শ চিকিৎসকৰ পৰা ল’ব পাৰে৷ খেজুৰৰ গ্লাইচেমিক ইনডেক্স কম থাকে, যাৰ বাবে খেজুৰ খালে ৰক্ত শৰ্কৰাৰ পৰিমাণ হঠাতে বৃদ্ধি নহয় ৷ আপুনি ইয়াক আন শুকান ফলৰ সৈতে, জলপান হিচাপে, ডালিয়াৰ সৈতে বা অটছত মিহলাই খাব পাৰে ৷
আপুনি লাভ কৰে এইসমূহ উপকাৰিতা
- খেজুৰ খালে হজম শক্তি সুস্থ হৈ থাকে ৷
- ইয়াত থকা মেগনেছিয়াম হাড়ৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷
- মগজুৰ বাবে খেজুৰ অতি উপকাৰী ৷
- উচ্চ বি পি হ্ৰাস কৰিবলৈ খেজুৰ খাদ্যতো অন্তৰ্ভুক্ত কৰিব পাৰে ৷
- শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে ৷
- সঠিক পৰিমাণত ইয়াক খালে ওজন হ্ৰাস কৰা আৰু ওজন বৃদ্ধিৰ বাবে খেজুৰ খাদ্যতো অন্তৰ্ভুক্ত কৰা হয় ৷
অন্য উপকাৰিতাসমূহ
তৎক্ষণাত শক্তি লাভ:খেজুৰত আমাৰ হাতত গ্লুক’জ, ফ্ৰুক্ট’জ, চুক্ৰ’জ আটাইকেইটা একেলগে কাৰ্বহাইড্ৰেট গঠন কৰে ৷ খুব ভাগৰুৱা হোৱাৰ পিছত আৰু ৱৰ্কআউট কৰাৰ পিচত খালে তৎক্ষণাত শক্তি লাভ কৰিব পাৰে ৷