অসম

assam

আজিয়েই খাবলৈ আৰম্ভ কৰক এই খাদ্য : তীক্ষ্ণ হ’ব আপোনাৰ দৃষ্টিশক্তি - Best Foods for Eyes

By ETV Bharat Health Team

Published : Jul 28, 2024, 1:39 PM IST

Best Foods for Eyes : দৃষ্টিশক্তি অবিহনে আমাৰ জীৱনটোৱেই অন্ধকাৰ সেয়েহে আমি ইয়াৰ যত্ন লোৱাৰ লগতে এনে খাদ্য খোৱাটো অতি প্ৰয়োজনীয় যিয়ে আমাৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে ।

Best Foods For Eye Health To Include In Your Diet
আজিয়েই খাবলৈ আৰম্ভ কৰক এই খাদ্য, চোকা হ’ব আপোনাৰ দৃষ্টিশক্তি (ETV Bharat)

চকু আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ আৰু ইয়াৰ সঠিকভাৱে যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ ৷ বয়স বঢ়াৰ লগে লগে আমাৰ দৃষ্টিশক্তি ম্লান হ’বলৈ আৰম্ভ কৰে ৷ কিন্তু সঠিক খাদ্যৰ জৰিয়তে আমি আমাৰ দৃষ্টিশক্তি উন্নত কৰিব পাৰো ৷ ইয়াৰ বাবে আমি গ্ৰহণ কৰিব লাগিব কিছুমাণ বিশেষ খাদ্য যিয়ে আমাৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰিব পাৰে ৷

চকুৰ বাবে উত্তম খাদ্য

১/ গাজৰ (Carrot)

চকুৰ বাবে গাজৰক সৰ্বোত্তম খাদ্য বুলি গণ্য কৰা হয় ৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু বিটা-কেৰটিন থাকে ৷ যিয়ে দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে ৷ বিটা-কেৰটিন হৈছে এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট, যিয়ে চকুক ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে ৷ গাজৰৰ চালাড, ৰস বা শাক-পাচলিৰ ৰূপত খাব পাৰি ৷

২/ সেউজীয়া শাক-পাচলি (Green Leafy Vegetables)

পালেং, বন্ধাকবি, আৰু অন্যান্য সেউজীয়া পাতৰ শাক-পাচলিত লুটিন আৰু জিএক্সান্থিনৰ দৰে এন্টিঅক্সিডেন্ট থাকে ৷ যিয়ে দৃষ্টিশক্তি উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই পুষ্টিকৰ উপাদানসমূহে ৰেটিনাক সুৰক্ষা দিয়ে আৰু বয়সৰ লগত জড়িত চকুৰ মেকুলাৰ ডিজেনেৰেচনৰ সম্ভাৱনা হ্ৰাস কৰে ৷

৩/ চৰ্বিযুক্ত মাছ (Fatty Fish)

মাছ বিশেষকৈ ছালমন, টুনা, চাৰ্ডিন আদিত ওমেগা-৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে ৷ চকুৰ বাবে ওমেগা-৩ ফেটি এচিড অত্যন্ত উপকাৰী ৷ কিয়নো ই প্ৰদাহ কমায় আৰু চকুৰ শুকান চিনড্ৰম প্ৰতিৰোধ কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই ৰেটিনাৰ স্বাস্থ্যও বজাই ৰাখে ৷ সপ্তাহত দুবাৰকৈ মাছ খালে দৃষ্টিশক্তি বৃদ্ধিত সহায়ক হ’ব পাৰে ৷

৪/ কণী (Egg)

কণীত অধিক পৰিমাণে লুটিন, জিএক্সান্থিন, ভিটামিন এ থাকে ৷ এই সকলোবোৰ পুষ্টিকৰ উপাদানে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে ৷ বিশেষকৈ কণীৰ হালধীয়া অংশ চকুৰ বাবে উপকাৰী ৷ ব্ৰেকফাষ্টত কণী খোৱাটো এটা স্বাস্থ্যকৰ আৰু পুষ্টিকৰ বিকল্প হ’ব পাৰে ৷

৫/ বাদাম আৰু বীজ (Nuts and Seeds)

বাদাম আৰু গুটি যেনে আলমণ্ড, আখৰোট আৰু চিয়া বীজ চকুৰ স্বাস্থ্যৰ বাবে অতি উত্তম ৷ ইয়াত অধিক পৰিমাণৰ ভিটামিন ই থাকে ৷ যিয়ে চকুক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ ভিটামিন ইয়ে বয়সৰ লগত জড়িত চকুৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷

লগতে পঢ়ক:নিজকে গৰমৰ পৰা ৰক্ষা কৰক, নহ’লে আপুনি হেৰুৱাব লাগিব দৃষ্টিশক্তি - What Is Eye Stroke

ABOUT THE AUTHOR

...view details