হায়দৰাবাদত অৱস্থিত গাচ্চিব’লিৰ এছিয়ান ইনষ্টিটিউট অৱ গেষ্ট্ৰ’এণ্টেৰ’লজীৰ (এআইজি) চিকিৎসকে লাভ কৰিলে বৃহৎ সফলতা ৷ শেহতীয়াকৈ চিকিৎসালয় খনলৈ অহা এগৰাকী ৰোগীৰ মগজুৰ টিউমাৰ চিকিৎসকে এটা অতি উদ্ভাৱনীমূলক পদ্ধতিৰ জৰিয়তে সফলতাৰে আঁতৰাই পেলাবলৈ সক্ষম হয়, য’ত চকুৰ পতাৰে মগজুলৈ প্ৰৱেশ কৰাৰ প্ৰক্ৰিয়া জড়িত হৈ আছিল । এই জটিল আৰু বিৰল অস্ত্ৰোপচাৰটো এগৰাকী ৫৪ বছৰীয়া মহিলাৰ ওপৰত কৰা হৈছিল যিয়ে বিগত ছমাহ ধৰি সোঁ চকুৰ দৃষ্টিশক্তি ম্লান হোৱাৰ সমস্যা তথা বিষ অনুভৱ কৰি আছিল ।
প্ৰাৰম্ভিক চিকিৎসাৰ পিচতো তেওঁৰ লক্ষণসমূহ স্থায়ী হৈ থকাৰ পিচত এআইজি হাস্পতালৰ পৰা সহায় বিচাৰিছিল, য’ত জ্যেষ্ঠ পৰামৰ্শদাতা স্নায়ুচাৰ্জন ডাঃ অভিৰচন্দ্ৰ গব্বিথা, স্নায়ুচাৰ্জাৰীৰ সঞ্চালক ডাঃ সুভোদ্ৰাজু আৰু চকুৰ চিকিৎসকৰ এটা দলে এক সম্যক পৰীক্ষা সম্পন্ন কৰে । বিতং পৰীক্ষাৰ অন্তত চিকিৎসকে নিশ্চিত কৰে যে সেয়া স্পিনো অৰ্বিটাল কেভাৰ্নাছ মেনিনজিঅ’মা (SOM)।
এই আচৰিত পদ্ধতিৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ