জাঁজীবাসীক মুগ্ধ কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে আমগুৰি,১ মে':ব'হাগ যাবৰে হ'ল যদিও চৌদিশে অব্য়াহত আছে ৰঙালীৰ ৰং । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ৰঙালী বিহুৰ অনুষ্ঠান । জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতত ওৰে নিশা নাচি-বাগি মচগুল হৈছে অসমৰ জনতা । হাৰ্টথ্ৰৱ জুবিন গাৰ্গেও ধাৰাবাহিকভাৱে ইখনৰ পাছত সিখন মঞ্চত পাতি গৈছে সুৰৰ মায়াজাল । মঙলবাৰে শিৱসাগৰৰ জাঁজীত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ।
ন-পুৰণি গীতৰ মাজতে স্বভাৱসূলভ কথাৰে দৰ্শক অনুৰাগীক মোহিত কৰি ৰাখে জুবিন গাৰ্গে । জাঁজীৰে ল'ৰা বুলি উল্লেখ কৰি জাঁজীখনৰ বাবে মন্ত্ৰী-বিধায়কে কাম কৰিছে নে নাই বুলি দৰ্শকক উদ্দেশ্যি প্ৰশ্ন কৰে জুবিন গাৰ্গে । ইফালে গামোচা প্ৰসংগতো মন্তব্য কৰে জুবিন গাৰ্গে । "মোক গামোচা নালাগে" বুলি উল্লেখ কৰি শিল্পীগৰাকীয়ে কয় যে গামোচা পিন্ধাওতে বহু সময় নষ্ট হয় । কাম বন নথকা মানুহে এইবোৰ কৰে । গামোচা পিন্ধাবলৈ বহুতে সুযোগ বিচাৰি ফুৰে ।
তেনে সময়তে এগৰাকী কণমানিয়ে উপহাৰ স্বৰূপে প্ৰদান কৰা জুবিন গাৰ্গৰ হাতে অংকন কৰা চিত্ৰক প্ৰশংসা কৰাৰ উপৰিও এনেকুৱা উপহাৰহে ভাল লাগে বুলি মন্তব্য কৰে জুবিন গাৰ্গে । ইয়াৰোপৰি অসমীয়া ছবিৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই জুবিন গাৰ্গে । হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আহিবলগীয়া ছবি চিকাৰ চেপ্তেৰত মুক্তি পাব বুলি উল্লেখ কৰি সকলোকে দৌৰি দৌৰি গৈ ছবিখন চাবলৈ আহ্বান জনাই ।
আনহাতে জুবিনৰ সংগীতানুষ্ঠানৰ সমান্তৰালকৈ বোকা নৃত্যত মচগুল একাংশ চেঙেলীয়া যুৱক । কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নহ'লেও একাংশৰ অশোভনীয় নৃত্যই অস্বস্তিত পেলাই সচেতন ৰাইজক । জাঁজী বিহু সন্মিলনত নিশা ১২ বজা পৰা গীত পৰিৱেশন কৰি ২ বজাত সংগীতানুষ্ঠানৰ সামৰণি মাৰে জুবিন গাৰ্গে ।
লগতে পঢ়ক:বিলাসী বাহনেই নহয়, কেতিয়াবা এক্সকেভেটৰতো উঠিবলৈ মন যায়... - Zubeen Garg Stage Program 2024