অসম

assam

‘চিকাৰ’ লৈ বেছি দিন নাই; সাজু হৈছেনে আপোনালোক ? - Zubeen Garg Assamese film Sikaar

By ETV Bharat Entertainment Team

Published : Sep 11, 2024, 1:43 PM IST

Assamese Film Sikaar : প্ৰথমখন অসমীয়া চিনেমা যাৰ সৰহভাগ শ্বুটিং লণ্ডনত হৈছে, নাম ‘চিকাৰ’ ৷ মাজত আৰু বেছি দিন নাই ৷ এতিয়া চিকাৰৰ প্ৰমোচনৰ বাবে শিক্ষাৰ্থীৰ মাজত ব্যস্ত দেখা গৈছে জুবিন গাৰ্গক ৷

Zubeen garg starts promotion for upcoming assamese film sikaar to be released soon
চিকাৰৰ প্ৰমোচন (ETV Bharat Assam)

গুৱাহাটী, 10 ছেপ্টেম্বৰ : চিকাৰ কৰিবলৈ মন মেলিছেনে আপোনালোকে ? হাতত আৰু বেছি দিন নাই ৷ মাজত মাথো কেইটামান দিন ৷ তাৰ পিছতেই অসমত চাৰিওফালে চলিব ‘চিকাৰ’ ৷ হয়, এখন নতুন অসমীয়া চিনেমা, নাম ‘চিকাৰ’ ৷ জানিব পৰা মতে অলপ ব্যতিক্ৰমীৰূপত নিৰ্মাণ কৰা হৈছে ছবিখন ৷

চিকাৰৰ প্ৰমোচন (ETV Bharat Assam)

চলিত মাহৰ 20 ছেপ্টেম্বৰত ছবিগৃহলৈ আহিব অসম গৌৰৱ জুবিন গাৰ্গ অভিনীত বহুচৰ্চিত এই নতুন অসমীয়া ছবি ‘চিকাৰ’ । ছবিখনৰ ইতিমধ্যে সকলো কাম-কাজ সম্পূৰ্ণ হৈ উঠিছে ৷ বিগত দুটা দিনৰ পৰা পূৰ্ণগতিত ছবিখনৰ সৈতে জড়িত সকলোৱে চলাইছে প্ৰচাৰৰ কাম । বিশেষকৈ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গৈ ছবিখনৰ প্ৰচাৰ কৰা দেখা গৈছে জুবিন গাৰ্গক ।

লগতে পঢ়ক :মুক্তি পালে বহু প্ৰত্যাশিত অসমীয়া ছবি চিকাৰৰ টিজাৰ - NEW ASSAMESE FILM SIKAAR

মঙলবাৰৰ দিনটোত ছবিখনৰ প্ৰচাৰৰ বাবে জুবিন গাৰ্গ উপস্থিত হয় মহানগৰীৰ বেলতলা মহাবিদ্যালয়ত । মহাবিদ্যালয়খনৰ নবাগত আদৰণী সভাৰ লগত সংগতি ৰাখি জুবিন গাৰ্গৰ লগতে চিকাৰৰ কলা-কুশলীসকল উপস্থিত হয় । জুবিন গাৰ্গে ছাত্ৰ-ছাত্ৰীসকলক আহিবলগীয়া এই নতুন অসমীয়া ছবিখন চাবলৈ আহ্বান জনায় । জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ।

ইয়াৰ পূৰ্বে দেওবাৰে নিশা ‘চিকাৰ’ ৰ প্ৰচাৰৰ বাবে টীম চিকাৰৰ সৈতে জুবিন গাৰ্গ উপস্থিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ত ৷ বিশ্ববিদ্যালয়খনৰ গোপীনাথ বৰদলৈ 2 নং দুমহলীয়া ছাত্ৰাবাসত ছবিখনৰ প্ৰচাৰ চলাই কণ্ঠশিল্পীগৰাকীয়ে । উল্লেখ্য যে, বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ' এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ।

জুবিন গাৰ্গৰ উপৰিও ছবিখনত অভিনয় কৰিছে আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, ধ্যানী মোহন, যতীন খনিকৰ, সঞ্জীৱ বুঢ়াগোঁহাই, নীলা শইকীয়া, কৌশিক ভৰদ্বাজ, দেৱজিৎ দাস, সুবিল বাৰ্গ, কুশল কুমাৰ গগৈ, কৃষ্টি বৰা, লিপিকা বৰা, আদিতি গগৈ, শংখ প্ৰতীম, গুণীনৰ লগতে ব্ৰিটেইনৰ অভিনেতা পল অ' নীল, ফান্সৰ অভিনেতা মিৰকো কুইনী আৰু মুম্বাইৰ অভিনেতা প্ৰতীক দীক্ষিতে ।

লগতে পঢ়ক :গুৱাহাটী বিশ্ববিদ্যালয়ত 'চিকাৰ’ৰ বাবে অভিযানত নামিল জুবিন - ASSAMESE FILM SIKAAR

ABOUT THE AUTHOR

...view details