অসম

assam

ETV Bharat / entertainment

তৃতীয়বাৰৰ বাবে বিয়াত বহিল প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেব মালিক: ছানিয়াৰে এতিয়াও হোৱা নাই বিচ্ছেদ

Shoaib Malik weds Sana Javed : পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেব মালিক পুনৰ চৰ্চাত ৷ প্ৰাক্তন ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাক বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহত বহিল ছোৱেব মালিক । জানো আহকচোন কোন এই পাক হাছিনা-

Who is Sana Javed?, Pak Actress married to Sania Mirza ex husband Shoaib Malik
কোন এই ছোৱেবপত্নী পাক হাছিনা ছানা জাভেদ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 6:27 PM IST

চিটাৰা ডেস্ক, 20 জানুৱাৰী :ভাৰতৰ প্ৰাক্তন টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ সৈতে বিবাহ বিচ্ছেদৰ চৰ্চাৰ মাজতে পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ছোৱেব মালিক পুনৰ বিবাহপাশত আবদ্ধ হ’ল । এইবাৰ ছোৱেবে নিজৰ সংগী হিচাপে বাছি ল’লে পাকিস্তানী অভিনেত্ৰী ছানা জাভেদক । আজি ২০ জানুৱাৰীত ছ’চিয়েল মিডিয়াত নিজৰ নিকাহৰ ছবি শ্বেয়াৰ কৰি আলোড়নৰ সৃষ্টি কৰিছে ছোৱেব আৰু ছানাই । এতিয়া ছোৱেব-ছানাৰ বিবাহৰ ছবি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু তেওঁলোকৰ অনুৰাগীয়ে তেওঁলোকক বিবাহৰ অভিনন্দন জনাইছে ।

৪১ বছৰীয়া ছোৱেব মালিক তেওঁতকৈ ১১ বছৰ সৰু পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে । ৩০ বছৰীয়া পাকিস্তানী অভিনেত্ৰী ছানা জাভেদৰ জন্ম হৈছিল ১৯৯৩ চনৰ ২৫ মাৰ্চত চৌদি আৰৱৰ জেদ্দাত । অভিনেত্ৰীগৰাকীৰ পৰিয়াল হায়দৰাবাদ ডেক্কানৰ । কৰাচী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে । ২০১২ চনৰ পৰা অভিনয় জগতৰ সৈতে জড়িত হৈ আছে ছানা ।

আপোনালোকক জনাও যে, এয়া ছানাৰ প্ৰথম বিবাহ নহয় । ২০২০ চনৰ আৰম্ভণিতে অভিনেত্ৰীগৰাকীয়ে পাকিস্তানী গায়ক, গীতিকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক উমাইৰ জাছৱালক বিয়া কৰায় ৷ কিন্তু বিবাহৰ তিনি বছৰৰ পিচত অৰ্থাৎ 2023 চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় । ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে ছোৱেবক ডেট কৰে আৰু এতিয়া বিবাহ পাশত আৱদ্ধ হয় ।

ছোৱেব মালিকে প্ৰথমে আয়েশা চিদ্দিকীক (২০০২) বিয়া কৰাইছিল । ছোৱেবৰ প্ৰথম বিবাহ ৮ বছৰ ধৰি চলিছিল আৰু ২০১০ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল । ইয়াৰ পিচত, ছোৱেবে 2010 চনত ভাৰতৰ প্ৰাক্তন টেনিছ তাৰকা ছানিয়া মিৰ্জাক বিয়া কৰায় আৰু সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে, ছোৱেবে বিবাহ বিচ্ছেদ নকৰাকৈ তৃতীয়বাৰৰ বাবে ছানা জাভেদক বিয়া কৰাইছে ।

ছানাই মডেলিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিচত বহুতো বিজ্ঞাপনত কাম কৰিছিল । 2012 চনত ছানাই ধাৰাবাহিক 'মেৰা পেহলা প্যাৰ'ত সহকাৰী চৰিত্ৰ ৰূপায়ণ কৰিছিল । এই বছৰ, অভিনেত্ৰীগৰাকীক 'চহৰ-ই-জাট' শ্ব’টোত এটা সৰু চৰিত্ৰত দেখা গৈছিল । 2016 চনত, ছানাই হাম টিভিৰ ৰোমাণ্টিক নাটক 'জাৰা য়াদ কৰ'ত জাহিদ আহমেদ আৰু য়ুম্না জৈদীৰ বিপৰীতে নেতিবাচক চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে এটা নতুন পৰিচয় বনাইছিল ।

পৰৱৰ্তী বছৰ অৰ্থাৎ2017 চনত, ছানাই ছ’চিয়েল কমেডী চলচ্চিত্ৰ 'মেহৰুনিচা উই লাভ ইউ'ৰ দ্বাৰা ললীউডত আত্মপ্ৰকাশ কৰে । এই চলচ্চিত্ৰখনত তেওঁক অভিনেতা ডেনিছ টাইমুৰৰ বিপৰীতে দেখা গৈছিল । এই বছৰ তেওঁ 'ৰংৰেজা' চলচ্চিত্ৰখনত অভিনেতা বিলাল আশ্ৰাফৰ বিপৰীতে অভিনয় কৰিছিল । ইয়াৰ পিচত ছানাই ৰোমাণ্টিক ড্ৰামা ছবি 'খানি'ত খানিৰ চৰিত্ৰৰ পৰা যথেষ্ট স্বীকৃতি লাভ কৰে ।

২০১৯ চনত মুক্তি পোৱা ‘ৰুছৱাই’ ছবিখনত এগৰাকী ধৰ্ষিতাৰ চৰিত্ৰত অভিনয় কৰিছিল ছানাই । যাৰ বাবে তেওঁ বহুত প্ৰশংসা লাভ কৰিছিল । এই ভূমিকাৰ বাবে অভিনেত্ৰীগৰাকীয়ে বেষ্ট টেলিভিছন এক্ট্ৰেছ ক্ৰিটিক্স পাকিস্তান ইণ্টাৰনেশ্যনেল স্ক্ৰীণ বঁটা লাভ কৰে ।

২০২০ চনত ৰমজানৰ বিশেষ ৰিয়েলিটী শ্ব’ ‘জীতো পাকিস্তান লীগ’ত টিম ইছলামবাদ ড্ৰেগনছৰ অধিনায়ক হিচাপে নিৰ্বাচিত হয় ছানা । ২০২১ চনত অভিনেত্ৰীগৰাকীয়ে ‘ডাংক’ ছবিখনত বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে নিজৰ অধ্যাপকক বিৰুদ্ধে ধৰ্ষণৰ মিছা অভিযোগ উত্থাপন কৰিছিল । এই ছবিখনে নেতিবাচক সমালোচনা লাভ কৰিছিল যদিও অভিনেত্ৰীগৰাকীৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল ।

ছানাই তেওঁৰ ১২ বছৰীয়া চলচ্চিত্ৰ জীৱনত ২৪খন ছবি আৰু ৪টা মিউজিক ভিডিঅ’ত কাম কৰিছে । অভিনেত্ৰীগৰাকীক ‘খৈৰ মংগাদা’ (২০১৫), ‘কুবুল হে’ আৰু ‘তেৰে বিনা’ (২০১৭) আৰু ‘হমে প্যাৰ হে পাকিস্তান ছে’ (২০১৮) মিউজিক ভিডিঅ’ত দেখা গৈছিল । ‘খৈৰ মংগাদা’ আৰু ‘হমে প্যাৰ হায় পাকিস্তান ছে’ ত কণ্ঠদান কৰিছে জনপ্ৰিয় পাকিস্তানী গায়ক আতিফ আছলামে ।

২০১৯ চনত ছানাই ‘খানি’ ছবিখনৰ বাবে লাক্স ষ্টাইল এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰী জনপ্ৰিয় আৰু শ্ৰেষ্ঠ অভিনেত্ৰী সমালোচকৰ দুটা শাখাত মনোনয়ন লাভ কৰে । একে সময়তে ২০২০ চনত ছানাই পিছা এৱাৰ্ডত ‘ৰুছৱাই’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী কিটিক্স বঁটা লাভ কৰে । আনহাতে ২০২১ চনত অভিনেত্ৰীগৰাকীয়ে ‘ৰুছৱাই’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ পিপলছ চয়ছ বঁটা লাভ কৰে ।

লগতে পঢ়ক :সাজু হওক প্ৰাণ খুলি হাঁহিবলৈ, মুক্তিৰ পথত গোলমাল 5

ABOUT THE AUTHOR

...view details