চিটাৰা ডেস্ক, 6 জুন :অভিনেতা-পৰিচালক অনুৰাগ কাশ্যপ আৰু অভিনেতা গুলশন দেৱাইয়াই এই বছৰ অ’টিটি প্লেটফৰ্মত প্ৰিমিয়াৰ হ'বলগীয়া এটা আকৰ্ষণীয় ৱেব চিৰিজ বেড কপৰ বাবে একত্ৰিত হৈছে ৷ এক ৰোমাঞ্চকৰ যাত্ৰাৰ সৈতে সাজু হৈছে তেওঁলোক । এই ক্ৰাইম থ্ৰিলাৰে আপোনাক ঘৰৰ আৰামৰ মাজতে এক উৎকণ্ঠাময় অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অনুৰাগে খলনায়কৰ ধাৰণাটোৰ ওপৰত তেওঁৰ মতামত ব্যক্ত কৰি কয় যে প্ৰকৃত খলনায়ক পৰ্দাত চিত্ৰিত নহয় ।
অনুৰাগ কাশ্যপে জোৰ দি কয় যে প্ৰকৃত খলনায়ক পৰ্দাৰ বাহিৰতহে থাকে ৷ প্ৰায়ে লক্ষ্যহীন হৈ থকা সমাজ আৰু ব্যৱস্থাগত বিষয়বোৰৰ ইংগিত দিয়ে এই খলনায়কে । সেইখিনি সময়তে গুলশন দেৱাইয়াই হাঁহি হাঁহি কয় যে অনুৰাগ কাশ্যপৰ উত্তৰটোৰ সোধা প্ৰশ্নটোৰ সৈতে মিল নাছিল ৷
অনুৰাগে কয়, "পৰম্পৰাগত নায়ক-খলনায়কৰ ধাৰণাটো পুৰণি হৈ পৰিছে । আজিকালি, সকলো ধূসৰ ।" লগতে তেওঁ কয়, "মানুহে মোক কেৱল খলনায়ক হিচাপেহে চাই ৷ মানুহে প্ৰায়ে মোক সেই চৰিত্ৰতে দেখিছিল । মই গাম্ভীয্যপূৰ্ণ এটা চৰিত্ৰহে ৰূপায়ণ কৰিব বিচাৰো, যেনে দেউতা বা ভাতৃ । মই নায়ক হ'বলৈ আগ্ৰহী নহয় আৰু মই মোৰ এই বয়স আৰু শাৰীৰিক পৰ্যায়ত একশ্যন চিকুৱেন্স প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয় ।"